NORTHEAST NOW (Assamese)
Popular Stories

ওড়িশাত সংঘটিত ৰে’ল দুৰ্ঘটনা! লাইনচ্যুত নিউ জলপাইগুৰি-চেন্নাই এক্সপ্ৰেছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2025 9:00 pm

ওড়িশাৰ বালাসৰত নিউ জলপাইগুৰি-চেন্নাই এক্সপ্ৰেছৰ দুৰ্ঘটনা সংঘটিত হয়। ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে ৰে’লখন ৰে’লপথৰ পৰা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে। যদিও কোনো ডাঙৰ ক্ষতি হোৱা নাছিল, তথাপিও ৰেলখনে এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। এই ঘটনাৰ পাছতে আতংকিত হৈ পৰে যাত্ৰীসকল।

দক্ষিণ-পূব ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া (চিপিআৰঅ’) ওম প্ৰকাশ চৰণে এই দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে। ৰে’লৱেৰ সূত্ৰ অনুসৰি ছাবিৰা ষ্টেচনৰ সমীপত ৰে’লখন ৰেলপথৰ পৰা ওলাই যায়। খবৰ অনুসৰি ৰে’লৰ ইঞ্জিনকে ধৰি কেইবাখনো বগি ৰেলপথৰ পৰা ওলাই যায়। সেই স্থানত উপস্থিত হৈছে ৰে’ল বিভাগৰ বিষয়া। ৰে’লৱেৰ সূত্ৰ অনুসৰি প্ৰথমে ইঞ্জিনৰ যান্ত্ৰিক সমস্যাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। অৱশ্যে ইয়াৰ সঠিক কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত অব্যাহত থকা বুলি ৰে’লৱেৰ সূত্ৰই প্ৰকাশ কৰিছে।