NORTHEAST NOW (Assamese)
Popular Stories

শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত খ্ৰীষ্টিয়ান ধৰ্মযাজক পোপ ফ্ৰান্সিছঃ সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 23, 2025 10:25 am

খ্ৰীষ্টিয়ান ধৰ্মযাজক পোপ ফ্ৰান্সিছৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি শনিবাৰে ভেটিকানে নিশ্চিত কৰিছে। জানিব পৰা মতে, খ্ৰীষ্টিয়ান ধৰ্মযাজকজন দীৰ্ঘদিন ধৰি হাঁপানীত আক্ৰান্ত আৰু এতিয়া তেখেত পূৰ্বৰ তুলনাত অধিক অসুস্থ।

ৰয়টাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি বৰ্তমান ডাবল নিউমোনিয়াত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকা ৮৭ বছৰীয়া পোপগৰাকীয়ে ইয়াৰ সঁহাৰি জনাইছে যদিও স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ে আছে।

ভেটিকানে এক বিবৃতিত কয় যে, আজি পুৱা পোপ ফ্ৰান্সিছে দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসজনিত সমস্যা পাইছিল, যাৰ বাবে উচ্চ প্ৰবাহৰ অক্সিজেনৰো প্ৰয়োজন হৈছিল আৰু দৈনিক তেজৰ পৰীক্ষাত ৰক্তহীনতাৰ কথাও পোহৰলৈ আহিছিল

ইফালে চিকিৎসকে সকীয়াই দিছে যে ফ্ৰান্সিছৰ সন্মুখত থকা মূল ভাবুকি হব চেপ্চিছৰ আৰম্ভণি, যিটো তেজৰ গুৰুতৰ সংক্ৰমণ যিটো নিউমোনিয়াৰ জটিলতা হিচাপে হব পাৰে।

ইয়াৰ বাহিৰেও চিকিৎসকে কয় যে ফ্ৰান্সিছৰ আৰোগ্য হবলৈ সময় লাগিব আৰু যিয়েই নহওক কিয় তেওঁ এতিয়াও ভেটিকানলৈ উভতি আহি নিজৰ দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৈতে জীয়াই থাকিব লাগিব।