NORTHEAST NOW (Assamese)
অসম

হস্তী-মানৱৰ সংঘাত : গোসাঁইগাঁৱত বন্যহস্তীৰ আক্ৰমণত কিশোৰীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 24, 2025 7:32 pm

কচুগাঁও বন সংমণ্ডলৰ অধীনস্থ মাইনাগুৰি গাঁৱৰ ডুমৰুগুৰি অঞ্চলত যোৱা ২৪ ফেব্ৰুৱাৰীৰ পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাই এগৰাকী কিশোৰীয়ে।

মৃত ফুংজা মুছাহাৰী নামৰ কিশোৰীগৰাকী এগৰাকী ছাত্ৰী।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বনৰীয়া হাতীটোৱে ফুংজাক মাৰাত্মকভাৱে আক্ৰমণ কৰে আৰু থিতাতে তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে চলিত মাহত অঞ্চলটোত এইটো দ্বিতীয়টো হাতীৰ আক্ৰমণ। চলিত মাহৰ ১৩ তাৰিখে বনাগাঁৱত একেধৰণৰ আক্ৰমণত সত্যৱতী বসুমতাৰী নামৰ এগৰাকী বৃদ্ধাই প্ৰাণ হেৰুৱাইছিল।

এই অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি আহিছে হাতী-মানুহৰ সংঘাত। এই অঞ্চলটোৰ কাষতে আছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। কিন্তু এই অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে।