NORTHEAST NOW (Assamese)
Popular Stories

সদগুৰুৰ ঈশা ফাউণ্ডেচনৰ বিৰুদ্ধে দাখিল কৰা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 1, 2025 10:57 am

তামিলনাডু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে সদগুৰুৰ ঈশা ফাউণ্ডেশ্যনৰ বিৰুদ্ধে দাখিল কৰা গোচৰ খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। শুকুৰবাৰে এক নিৰ্দেশ জাৰি কৰি কয় যে কোয়ম্বটুৰত ঈশা যোগ আৰু ধ্যান কেন্দ্ৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ জোৰ-জবৰদস্তি ব্যৱস্থা গ্ৰহণ কৰিব নালাগে।

দৰাচলতে ২০০৬ চনৰ পৰা ২০১৪ চনৰ ভিতৰত তামিলনাডুৰ কোয়ম্বটুৰত সাধগুৰুৰ ঈশা ফাউণ্ডেচন স্থাপন কৰা হৈছিল। অভিযোগ অনুসৰি সেই সময়ত কোম্পানীটোৱে পৰিৱেশ বিভাগৰ পৰা কোনো ধৰণৰ ক্লিয়াৰেন্স লাভ কৰা নাছিল। সেয়েহে পৰিৱেশ ক্ষতি আৰু অবৈধ নিৰ্মাণৰ অভিযোগ উত্থাপন কৰি তামিলনাডু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আদালতলৈ যায়।

ইয়াৰ পূৰ্বে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে পৰিৱেশ অনুমোদন নোলোৱাকৈ কোয়ম্বটুৰৰ ভেলিয়াংগিৰি পাহাৰত নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে সাধগুৰুৰ ঈশা ফাউণ্ডেশ্যনক জাননী জাৰি কৰিছিল। অৱশ্যে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কাৰণ দেখুৱাই দিয়া জাননী বাতিল কৰে।

ইয়াৰ পাছতে তামিলনাডু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি উচ্চতম ন্যায়ালয়ে কয় যে এই বিষয়ত কোনো ধৰণৰ জোৰ-জবৰদস্তি ব্যৱস্থা গ্ৰহণ কৰিব নালাগে।

ইয়াৰ পূৰ্বে শুনানিত আদালতে প্ৰশ্ন উত্থাপন কৰিছিল যে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে কিয় দুবছৰৰ পাছত এই আদেশক প্ৰত্যাহ্বান জনাইছিল। যোগ কেন্দ্ৰটো শিক্ষা কেন্দ্ৰ হিচাপে স্বীকৃতিৰ অধিকাৰী।