NORTHEAST NOW (Assamese)
গুৱাহাটী

গুৱাহাটীত পুনৰ ধৰ্ষণকাণ্ড : কাৰ্বি আংলঙৰ যুৱতীক দলৱদ্ধ ধৰ্ষণ দুই পাষণ্ডৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 2, 2025 4:35 pm

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে লোমহৰ্ষক ধৰ্ষণকাণ্ড। ‎

দুই পাষণ্ডই কাৰ্বি আংলং জিলাৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ।

পল্টন বজাৰৰ এখন হোটেললৈ নি দুই পাষণ্ডই যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ।

জানিব পৰা মতে, চন্দ্ৰন মহনত আৰু ৰোহন আলী নামৰ দুটা পাষণ্ডই ধৰ্ষণ কৰে ‎যুৱতীগৰাকীক।

দুই অভিযুক্তই এখন ৰেস্তোৰাঁত লগ পাইছিল যুৱতীগৰাকীক।

যুৱতীগৰাকীৰ বয়স ২০ বছৰ। ‎

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চন্দ্ৰন মহনত আৰু ৰোহন আলী। লগতে ভুক্তভোগী ‎যুৱতীগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।