NORTHEAST NOW (Assamese)
উত্তৰ-পূব

কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানত ‘পিএফএ’ মুকলি কৰিলে ১০টা বন্যপ্ৰাণী

Posted by: বিট ইৰম Updated by: বিট ইৰম March 4, 2025 5:38 pm

মণিপুৰৰ পিপল ফৰ এনিমেলছে (পিএফএ) উদ্ধাৰ কৰা ১০টা বন্যপ্ৰাণীক ৰাজ্যখনৰ কেন্দ্ৰীয় বন সংমণ্ডলৰ অধীনত থকা কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানত(কেএলএনপি) মুকলি কৰি দিয়ে।

উদ্ধাৰ কৰা এই বন্যপ্ৰাণীসমূহৰ ভিতৰত আছিল স্থানীয়ভাৱে থেংগু নামৰ এটা কাছ, স্থানীয়ভাৱে নুংগক নামেৰে জনাজাত দুটা বাৰ্মিজ ফেৰেট বেজাৰ, মইৰাং সাথিবী নামৰ এটা সৰু ভাৰতীয় চিভেট, এটা মনোকলড কব্ৰা (খাৰৌ), দুটা বংগ মনিটৰ (হাংকক), আৰু এটা উৰন্ত শিয়াল (মায়াং চেকপি) আদি। লগতে পিএফএ নামৰ সংস্থাটোৱে কেএলএনপিত এটা বনৰীয়া হাঁহ আৰু এটা চেকাৰড কিলবেকো (লিলাবব) মুকলি কৰি দিয়ে।

উদ্ধাৰ কৰা বন্যপ্ৰাণীসমূহক প্ৰাকৃতিক বাসস্থানলৈ মুকলি কৰাৰ পূৰ্বে পিএফএৰ পশু আশ্ৰয় শিবিৰত প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰা হৈছিল বুলি বিষয়াসকলে জানিবলৈ দিছে।

বিশ্ব বন্যপ্ৰাণী দিৱসৰ উপলক্ষ্যত ‘বন্যপ্ৰাণী সংৰক্ষণত আৰ্থিক সহায়: মানুহ আৰু পৃথিৱীলৈ বিনিয়গ’ শীৰ্ষক বিষয়ক সাৰোগত কৰি সংস্থাটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা  বন্যপ্ৰাণীসমূহ উদ্ধাৰ কৰে।

সংস্থাটোৰ পৰিচালক তথা ট্ৰাষ্টী এল বিশ্বজীত মেইটেইয়ে কয় যে, এই অনুষ্ঠানটো  মণিপুৰ চৰকাৰৰ এল জয়কুমাৰ (আই এফ এছ), চি চি এফ (বন্যপ্ৰাণী)ৰ নিৰ্দেশনা অনুসৰি আৰু ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক (পি চি চি এফ) আৰু বন বাহিনীৰ (এইচ অ এফ) অনুৰাগ বাজপেয়ী (আই এফ এছ)ৰ তত্বাৱধানত অনুষ্ঠিত হয়।