NORTHEAST NOW (Assamese)
উত্তৰ-পূব

NTPC: মন জিলা চিকিৎসালয়লৈ এম্বুলেন্স আৰু শৱবাহী বাহন প্ৰদান

Posted by: ভদ্ৰ গগৈ Updated by: ভদ্ৰ গগৈ March 4, 2025 7:34 pm

ম্যানমাৰৰ সীমান্তৱৰ্তী নাগালেণ্ডৰ দুৰ্গম মন জিলাত স্বাস্থ্যসেৱা উন্নত কৰাৰ বাবে জিলা চিকিৎসালয়খনলৈ ৰাষ্ট্ৰীয় তাপ শক্তি নিগমে কৰ্পৰেট সামাজিক দায়বদ্ধতা পদক্ষেপৰ অধীনত দুখন এডভান্সড লাইফ ছাপৰ্ট এম্বুলেন্স আৰু দুখন শৱবাহী বাহন প্ৰদান কৰিছে।

মঙলবাৰে চিকিৎসালয়খনত আয়োজন কৰা এক অনুষ্ঠানত এন টি পি চি বংগাইগাঁৱৰ প্ৰকল্প মুৰব্বী অৰ্ণব মৈত্ৰাৰ পৰা মন জিলাৰ উপায়ুক্ত অজিত কুমাৰ বৰ্মাই এই বাহনসমূহ গ্ৰহণ কৰে। জিলাখনৰ স্বাস্থ্য আন্তঃগাঁথনিত এক মাইলৰ খুঁটি স্বৰূপে পৰিগণিত হৈছে।

বৰ্মাই ভাষণত কয় যে চিকিৎসালয়খনত শৱবাহী বাহনৰ দীৰ্ঘদিনীয়া এক প্ৰয়োজনীয়তা পূৰ্ণ হ’ল। এতিয়া মৃতকৰ মৰ্যাদাপূৰ্ণ আৰু সন্মানজনক পৰিবহণ সক্ষম হ’ব। তেওঁ এন টি পি চিৰ দলটোক জিলাখনৰ স্বাস্থ্য খণ্ডলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।  

জিলাখনৰ স্বাস্থ্যসেৱাৰ সুবিধাসমূহ উন্নত কৰাৰ ক্ষেত্ৰত এন টি পি চিৰ ভূমিকাক লৈ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি চিকিৎসালয়খনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ ছুপংমেংলা ৱালিঙে জিলা প্ৰশাসনৰ বিশেষকৈ উপায়ুক্তগৰাকীৰ অক্লান্ত প্ৰচেষ্টাৰো সলাগ লয়।