NORTHEAST NOW (Assamese)
অসম

পুনৰ ভূমিকম্পই জোকাৰি গ’ল উত্তৰ-পূবক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 5, 2025 1:20 pm

পুনৰ ভূমিকম্পই জোকাৰি গ’ল উত্তৰ-পূবক। বুধবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১.০৬ বজাত মণিপুৰৰ য়াইৰিপকৰ সমীপত ৫.৬ ৰিখটাৰ স্কেলৰ মধ্যমীয়া ভূমিকম্পই জোকাৰি গৈছে।

ভূগৰ্ভৰ ৮৮ কিমিটাৰ অভ্যন্তৰত উৎপত্তি হোৱা ভূমিকম্প অসমৰ কোনো কোনো ঠাইতো অনুভূত হোৱা বুলি জানিব পৰা গৈছে।

ৰাজ্যখনৰ লগতে চুবুৰীয়া দেশৰ কেইবাটাও অঞ্চলত ভূমিকম্পৰ ভূমিকম্পৰ ফলত বাসিন্দাসকলৰ মাজত সাময়িকভাৱে আতংকৰ সৃষ্টি হয়। অৱশ্যে এই ভূমিকম্পৰ পৰা কোনো ধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে  ইয়াৰ কিছুদিনৰ পূৰ্বে ভূমিকম্পই জোকাৰি গৈছিল অসম।  ৰিখটাৰ স্কেলত ৬.৬ প্ৰাৱল্য ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল মিজোৰাম। ভূগৰ্ভৰ ৬৬.৪ কিমিটাৰ অভ্যন্তৰত উৎপত্তি হৈছিল এই ভূমিকম্পৰ