NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে সৰৱ আপৰ যুৱ নেতা জিতু ডেকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 5, 2025 7:14 pm

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট অংকীয়া ভাওনা সন্দৰ্ভত আপত্তি জনক মন্তব্য কৰা মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে সৰৱ হৈছে আম আদমী পাৰ্টিৰ যুৱ শক্তিৰ উপ সভাপতি জিতু ডেকা। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন বিজ্ঞপ্তি যোগে মন্ত্ৰী গৰাকীৰ আপত্তি জনক মন্তব্য প্ৰত্যাহাৰ কৰাৰ লগতে অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় আপৰ যুৱ নেতাগৰাকীয়ে।

আনহাতে ঢেকীয়াজুলি বিধানসভা সমষ্টিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মুছলমান সকলৰ বিৰুদ্ধে উচটনি মূলক বক্তব্য প্ৰদানক লৈও আপ যুৱ শক্তিৰ নেতা জিতু ডেকাই মন্ত্ৰী গৰাকীক সমালোচনা কৰে। সংবিধানৰ নামত শপত খাই এজন মন্ত্ৰীয়ে সংবিধান অবমাননা কৰি সমষ্টিবাসীক সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰ বাবে উচটনি দিয়াটো কোনোপধ্যেই মানি ল’ব নোৱাৰি বুলি ডেকাই ব্যক্ত কৰে ।

প্ৰেছ বিজ্ঞপ্তি খনত তেওঁ কয়, “মন্ত্ৰী অশোক সিংহলৰ এনে ঘৃণনীয় মন্তব্যৰ বাবে সংবিধানৰ ৰক্ষক হিচাপে আদালতে তেওঁৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব পাৰে। ভাৰতৰ দৰে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত সকলো ধৰ্মৰ নাগৰিকে সম অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত কোনো চৰকাৰে বাধা আৰোপ কৰিব নোৱাৰে। “