NORTHEAST NOW (Assamese)
Popular Stories

আজি ঘোষণা কৰা হ’ব ADR পৰীক্ষাৰ ফলাফল : ক’ত কেনেদৰে চাব পাৰিব ফলাফল?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 7, 2025 7:00 am

ৰাজ্যিক নিযুক্তি আয়োগে অহা আজি তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অনুষ্ঠিত হোৱা অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব।

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে এই ফলাফল SLRCৰ অফিচিয়েল ৱেবছাইটত চাব পাৰিব।

তৃতীয় শ্ৰেণীৰ পদৰ ফলাফল slrcg3.sebaonline.org আৰু assam.gov.in অফিচিয়েল ৱেবছাইটত ঘোষণা কৰা হব।

চতুৰ্থ শ্ৰেণী পদৰ ফলাফল slrcg4.sebaonline.org – ত ঘোষণা কৰা হব।

উল্লেখ কৰিব পাৰি যে এই তৃতীয় শ্ৰেণীৰ নিযুক্তি পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল – প্ৰথম পৰ্যায়ত ১৫ ছেপ্টেম্বৰত দ্বাদশ শ্ৰেণী উৰ্ত্তীণ পৰীক্ষাৰ্থীৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল, আৰু ২৯ ছেপ্টেম্বৰত স্নাতক উৰ্ত্তীণ পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। একেদৰে ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে অৱগত কৰিছিল যে ৭ মাৰ্চৰ ভিতৰত ফলাফল ঘোষণা কৰা হব।