NORTHEAST NOW (Assamese)
দেশ

তিনি মাহৰ ভিতৰত বিয়া পাতিব লাগিব ভুক্তভোগীক : চৰ্ত বান্ধি দি ধৰ্ষকক জামিন আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 7, 2025 3:50 pm

তিনি মাহৰ ভিতৰত ভুক্তিভগীক বিয়া কৰোওৱাৰ চৰ্ত বান্ধি দি ধৰ্ষণকাৰীক জামিন প্ৰদান কৰিছে ন্যায়ালয়ৰ বিচাৰপীঠে। শেহতীয়াকৈ আইন সম্পৰ্কীয় ৱেব পৰ্টেল ‘বাৰ এণ্ড বেঞ্চ’ প্ৰকাশ পাইছে এই বাতৰি।

এলাহাবাদ উচ্চ ন্যায়ালয়ে এই চৰ্তত দোষীক জামিন প্ৰদান কৰা ঘটনাত এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত আগ্ৰা আৰক্ষীয়ে ধৰ্ষণৰ গোচৰত অভিযুক্তগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি, ২৬ বছৰীয়া যুৱকজনে উত্তৰ প্ৰদেশ আৰক্ষীত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে যুৱতীগৰাকীৰ পৰা ৯ লাখ টকা সংগ্ৰহ কৰিছিল।

অভিযোগ অনুসৰি, যুৱকজনে যুৱতীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ লগতে তেওঁৰ আপত্তিজনক ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পাই দিয়াৰ ভাবুকি দিছিল।

অৱশ্যে অভিযুক্তৰ অধিবক্তাই দাবী কৰিছে যে যুৱতীগৰাকীয়ে তেওঁৰ মক্কেলৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে। ঘটনাৰ চাৰি মাহৰ পাছত কিয় এফআইআৰ পঞ্জীয়ন হ’ল সেই সন্দৰ্ভতো আদালতত প্ৰশ্ন উত্থাপন কৰে অভিযুক্তৰ অধিবক্তাই।

সেই গোচৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কৃষণ পাহালে অভিযুক্তক চৰ্তসাপেক্ষ জামিনৰ নিৰ্দেশ দিয়ে। ‘বাৰ এণ্ড বেঞ্চ’ৰ মতে, ন্যায়াধীশে নিৰ্দেশনাত লক্ষ্য কৰিছিল যে অভিযুক্তই ভুক্তভোগীক বিয়া কৰাবলৈ আৰু তাইৰ যত্ন ল’বলৈ সাজু বুলি উল্লেখ কৰিছে। ন্যায়াধীশৰ নিৰ্দেশ অনুসৰি জামিনত মুকলি হোৱাৰ তিনিমাহৰ ভিতৰত অভিযুক্তই ভুক্তভোগীক বিয়া কৰাব লাগিব।

অৱশ্যে আদালতৰ নিৰ্দেশত এই আদেশ কিয় জাৰি কৰা হ’ল সেই কথা উল্লেখ কৰা হোৱা নাই।