NORTHEAST NOW (Assamese)
অসম

অঘটন! বঙাইগাঁৱত আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে মাতৃ-কন্যা ওপৰত এছিড আক্ৰমণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 8, 2025 10:25 pm

আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ টাপাটাৰীত এগৰাকী মহিলা আৰু তেওঁৰ ১১ বছৰীয়া কণ্যা এছিড আক্ৰমণৰ বলি হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি জাহিদুল হক নামৰ লোকজনে তেওঁ নিজৰ পত্নী শাহেৰা খাতুন আৰু তেওঁলোকৰ জীয়েকক এছিডেৰে আক্ৰমণ কৰে।

দুয়োগৰাকী এতিয়া অভয়াপুৰীৰ দীনাৰাম মেমৰিয়েল হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে। আনহাতে, আক্ৰমণকাৰী জাহিদুল হক এতিয়াও পলাতক, আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান  আৰম্ভ কৰিছে।