NORTHEAST NOW (Assamese)
Popular Stories

১১ বছৰীয়া কন্যাক ধৰ্ষণ! মাতৃৰ অনুপস্থিতিত ঘৰত পিতৃৰ কামনাৰ বলি কিশোৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2025 10:55 am

১১ বছৰীয়া কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ এজন পিতৃৰ বিৰুদ্ধে উত্থাপন হৈছে। কিশোৰীগৰাকীক ঘৰত অকলে পাই কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। সেই সময়ত ছোৱালীজনীৰ মাক ঘৰত নাছিল। পাছত ঘৰলৈ উভতি আহি ঘটনাৰ বিষয়ে জানিব পাৰি থানাত এজাহাৰ দাখিল কৰে।

উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত সংঘটিত হয় এই ঘটনা। শনিবাৰে আৰক্ষীয়ে জনোৱা মতে,ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা কিশোৰীগৰাকীৰ মাতৃ কিবা কাৰণত পিতৃ-মাতৃৰ ঘৰলৈ গৈছিল। জীয়েকক ঘৰতে এৰি থৈ যায়। ছোৱালীজনীৰ দেউতাক ঘৰত আছিল। অভিযোগ অনুসৰি, কন্যাক অকলে বিচাৰি পাই তেওঁ কন্যাৰ ওপৰত জপিয়াই পৰিছিল। কিশোৰীগৰাকীয়ে মাকক কয় যে তেওঁৰ পিতৃয়ে তেওঁক ধৰ্ষণ কৰিছে। লগতে কাৰোবাক এই বিষয়ে কলে কিশোৰীগৰাকীক বিষ খুৱাই হত্যা কৰাৰ ভাবুকিও দিছিল।

পিছদিনা অভিযুক্তৰ পত্নী ঘৰলৈ উভতি আহে। কিশোৰীগৰাকীয়ে মাকক দেউতাকে কৰা সকলো কথা কয়। ইয়াৰ পাছত মহিলাগৰাকীয়ে কন্যা সন্তানৰ সৈতে পোনে পোনে থানালৈ যায়। ইয়াৰ পাছেতে তেওঁ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

মহাৰাজগঞ্জ আৰক্ষী থানাৰ অধীক্ষক সত্যেন্দ্ৰ কুমাৰ ৰায়ে কয় যে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা আৰু POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। ভুক্তভোগী কিশোৰীগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যে,  কিয় অভিযুক্তই কন্যাৰ প্ৰতি কিয় এই ঘৃণনীয় আচৰণ কৰিছিল আৰু ঘটনাৰ নিশা তেওঁ মদ্যপান কৰিছিল নেকি।আৰক্ষীয়ে অভিযুক্তক জেৰা অব্যাহত ৰাখিছে।