NORTHEAST NOW (Assamese)
Popular Stories

‘গমকে নাপালে’! ফোনত কথা পাতি থকা অৱস্থাত ১২০ ফুট কুঁৱাত পৰি সিপুৰী পালেগৈ যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2025 11:52 am

ফোনত কথা পতাত ব্যস্ত যুৱক! আগলৈ কি হব তাৰ কোনো ধাৰণা নাই। কিন্তু হঠাৎ যুৱকজন এটা দ কুঁৱাত পৰিল। ২৪ ঘণ্টীয়া তালাচীৰ অন্তত অচেতন অৱস্থাত তেওঁক কুঁৱাৰ পৰা উদ্ধাৰ কৰা হয়। ২২ বছৰীয়া যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বচাব পৰা নগ’ল।

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ হাথৰাছৰ বাসিন্দা যুৱকজন ১২০ ফুট দ কুঁৱাত বাগৰি পৰে। ফোনত কথা পাতি থাকোঁতে কেতিয়া কুঁৱাৰ ওচৰ পালেগৈ গমেই পোৱা নাছিল।তেনেতে হঠাৎ পিছলি গৈ কুঁৱাটোত পৰিল। স্থানীয় ৰাইজে প্ৰথমে আহি কুঁৱাৰ পৰা টানি আনিবলৈ চেষ্টা কৰিলে। কিন্তু নোৱাৰি আৰক্ষীক খবৰ দিয়া হল। এই খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলো ঘটনাস্থলীত উপস্থিত হয়।

উদ্ধাৰকাৰী দলৰ সদস্যই ২৪ ঘণ্টাৰো অধিক সময় কুঁৱাটোত তালাচী চলাই যুৱকজনক উদ্ধাৰ কৰে। সেই পৰিস্থিতিৰ পৰা তেওঁক উদ্ধাৰ কৰি কুঁৱাৰ পৰা উলিয়াই আনিছিল। তেতিয়া তেওঁৰ কোনো জ্ঞান নাছিল। তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে যুৱকজনক পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে।

হাথৰাছৰ এছ এইচ অ যোগেশ কুমাৰ সিঙে জনোৱা মতে, যুৱকজনে ট্ৰেক্টৰখনৰ বিষয়ে আত্মীয়ৰ সৈতে ফোনত কথা পাতি আছিল। ৰাতি ১১ মান বাজিছিল। চাৰিওফালে আন্ধাৰ হৈ পৰিছিল। কুঁৱাৰ মুখখন জোপোহাৰে ঢাকি থোৱা আছিল। ফলত যুৱকজনে লক্ষ্য কৰা নাছিল।

উল্লেখ্য যে, মৃত যুৱকজনৰ নাম ৰাহুল কুমাৰ। স্থানীয় লোকৰ মতে, ৰাহুল আছিল এজন অতি প্ৰতিভাৱান ছাত্ৰ আছিল।পঢ়া-শুনাৰ লগতে খেতিও কৰিছিল। তেওঁলোকৰ পৰিয়ালে আলু খেতি কৰিছিল। পথাৰৰ পৰা আলু আনিবলৈ ৰাহুলৰ দেউতাকে ট্ৰেক্টৰৰ ব্যৱস্থা কৰিলে। কিন্তু হঠাৎ ট্ৰেক্টৰখনৰ যান্ত্ৰিক বিজুতি হোৱাৰ লগে লগে তেওঁ চিন্তিত হৈ পৰিল। সেই সময়ত ৰাহুলে ককাকৰ লগত ট্ৰেক্টৰৰ বিষয়ে কথা পাতি আছিল। সেই সময়তে এই অঘটন হৈছিল।