NORTHEAST NOW (Assamese)
অসম

লাচিত বৰফুকন পুলিচ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰিব ভূটান আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 14, 2025 9:44 pm

লাচিত বৰফুকন পুলিচ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰিব ভূটান আৰক্ষীয়ে৷ অসমৰ কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকাই এই ঘোষণা কৰি এয়া অসমৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব আখ্যা দিছে। 

তেওঁ লগতে কয় যে একাডেমীয়ে ইতিমধ্যে মণিপুৰ আৰু গোৱা আৰক্ষীৰ নতুন নিযুক্তি প্ৰাপ্তসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে৷ আৰু এতিয়া ভূটানৰ বিষয়াসকলেও ইয়াৰ শীৰ্ষ পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ দ্বাৰা উপকৃত হ’ব বুলি উল্লেখ কৰে পিযুষ হাজৰিকাই৷

ইফালে, অহা ১৪ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিছে৷ ভ্ৰমণ সূচীৰ অংশ হিচাপে উন্নীতকৃত লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।

আনহাতে, ১৬ মাৰ্চত গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰতীয় দণ্ডবিধিৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনাও কৰিব শ্বাহে। এই ভ্ৰমণত মিজোৰাম ভ্ৰমণৰ লগতে কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া ৫৭ সংখ্যক এবছু বাৰ্ষিক সন্মিলনৰ চূড়ান্ত অধিবেশনতো অংশগ্ৰহণ কৰিব।

একাডেমীত ভূটান আৰক্ষীৰ প্ৰশিক্ষণে আৰক্ষী প্ৰশিক্ষণৰ এক প্ৰধান কেন্দ্ৰ হিচাপে অসমৰ ভূমিকা আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে৷