NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

দক্ষিণ চীন সাগৰত চীনৰ আধিপত্য প্ৰতিহত কৰিবলৈ গঠন হ’ল ‘স্কোৱাড’! ভাৰতক যোগদান কৰিবলৈ আহ্বান আমেৰিকাৰ

March 20, 2025 4:27 pm

কোৱাড মিত্ৰতাৰ পিছত দক্ষিণ চীন সাগৰত চীনৰ আধিপত্য প্ৰতিহত কৰিবলৈ ‘স্কোৱাড’ নামৰ নতুন মিত্ৰজোঁট গঠন কৰি  ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিজৰ সামৰিক প্ৰভাৱ বৃদ্ধিৰ চেষ্টা আমেৰিকাৰ।

জাপান, অষ্ট্ৰেলিয়া আৰু ফিলিপাইনছক সামৰি লোৱা এই সামৰিক মিত্ৰজোঁটত যোগদান কৰিবলৈ ভাৰত আৰু দক্ষিণ কোৰিয়াক আমন্ত্ৰণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আমেৰিকাই।

প্ৰকাশিত তথ্য অনুসৰি ফিলিপাইনছে ইতিমধ্যে  মিত্ৰজোঁটত যোগদান কৰিবলৈ ভাৰতক আমন্ত্ৰণ জনাইছে। দক্ষিণ চীন সাগৰত চীনৰ ক্ৰমবৰ্ধমান আগ্ৰাসন আৰু টাইৱানৰ নিৰাপত্তাৰ সন্দৰ্ভত নিৰাপত্তাজনিত উদ্বেগৰ সৈতে মোকাবিলা কৰিবলৈ ২০২৪বৰ্ষতে হাৱাইত পেন্টাগনে আনুষ্ঠানিকভাৱে ‘স্কোৱাড’ৰ গঠন কৰিছিল ।

ফিলিপাইনছ, ভিয়েটনাম, ইণ্ডোনেছিয়াৰ দৰে দেশসমূহে দক্ষিণ চীন সাগৰীয় ভূখণ্ডৰ দাবীক লৈ চীনৰ সৈতে দীৰ্ঘদিনীয়া বিবাদ লিপ্ত হৈ আছে আৰু এই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিব বিচাৰিছে আমেৰিকাই।

 ইফালে, ২০০৭ চনত গঠন হোৱা কোৱাডত ইতিমধ্যে ভাৰত, অষ্ট্ৰেলিয়া, আৰু জাপানক অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই অঞ্চলত বেইজিঙৰ প্ৰভাৱ প্ৰতিহত কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতে নিজৰ শক্তি প্ৰদৰ্শন কৰি কোৱাডৰ অধীনত কেইবাটাও সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিছে।

কিন্তু দক্ষিণ চীন সাগৰত চীনৰ ভূখণ্ডৰ দাবীৰ বাবে ‘স্কোৱাড’ত যোগদানৰ  কৰিলে চীনৰ সৈতে প্ৰত্যক্ষ সংঘৰ্ষ হোৱাৰ সম্ভাৱনাৰ বাবে এই পৰ্যন্ত ভাৰতে আনুষ্ঠানিকভাৱে এই আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনোৱা নাই।