NORTHEAST NOW (Assamese)
Popular Stories

অসম বিশ্ববিদ্যালয়ত ইফটাৰ অনুষ্ঠিত কৰাৰ আবেদন নাকচ কৰ্তৃপক্ষৰ! বিচলিত শিক্ষাৰ্থী…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 21, 2025 5:42 pm

ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ নীতি মানি চলাৰ দোহাই দি ৰমজান মাহত বিশ্ববিদ্যালয় চৌহদত শিক্ষাৰ্থীক দাৱত-ই-ইফটাৰ আয়োজন কৰিবলৈ দাখিল কৰা আবেদন অস্বীকাৰ কৰিছে শিলচৰ অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

স্নাতক, স্নাতকোত্তৰ আৰু গৱেষণাৰত শিক্ষাৰ্থীয়ে এই অনুষ্ঠানৰ পৰিকল্পনা কৰিছিল।

কিন্তু বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তৰ পাছত ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠান বাতিল কৰিবলগীয়া হয়। তেওঁলোকে এই সিদ্ধান্তক অন্যায় আখ্যা দি তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ বিৰুদ্ধে যোৱা বুলি কয়।

এগৰাকী স্নাতকোত্তৰ ছাত্ৰই কয় যে বিগত দুবছৰত একেধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈছে, পঞ্জীয়ককে ধৰি বিশ্ববিদ্যালয়ৰ বিষয়াসকলেও অংশগ্ৰহণ কৰিছিল। ছাত্ৰজনে কয়, ‘আমি নিজেই ব্যক্তিগত বৰঙণিৰে দাৱত-ই-ইফটাৰৰ ধন দিওঁ।কিন্তু এতিয়া অনুমতিৰ দিয়াৰ পলম হোৱাৰ বাবে আমাৰ হাতত আয়োজন কৰিবলৈ পৰ্যাপ্ত সময় নাই, গতিকে আমি ইয়াক বাতিল কৰিব লাগিব।

তেওঁ লগতে আঙুলিয়াই দিয়ে, “উপাচাৰ্যজন অহা সপ্তাহতহে ছুটীৰপৰা ঘূৰি আহিব, আৰু তেতিয়ালৈকে, ধনৰ ব্যৱস্থা কৰি অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলোৱাত বহু পলম হ’ব। এইটো এক অন্যায় কাম যেন লাগে কাৰণ ইয়াৰ আগতেও অন্যান্য ধৰ্মীয় অনুষ্ঠানৰ অনুমতি দিয়া হৈছে।”

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক প্ৰদোশ কিৰণ নাথে এক বিবৃতিত এই সিদ্ধান্তৰ বিষয়ে ব্যাখ্যা কৰে। ‘এই প্ৰতিষ্ঠান ধৰ্মীয় বিষয়ত জড়িত নহয়, গতিকে আমি কোনো ধৰ্মীয় কাম-কাজ আনুষ্ঠানিকভাৱে অনুমতি দিব নোৱাৰো।

এই সিদ্ধান্তৰ ফলত বিশ্ববিদ্যালয়সমূহত ধৰ্মনিৰপেক্ষতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ মাজত কেনেদৰে ভাৰসাম্য ৰক্ষা কৰিব পাৰি সেই সম্পৰ্কে আলোচনাৰ সৃষ্টি হৈছে।