NORTHEAST NOW (Assamese)
দেশ

মণিপুৰ সন্দৰ্ভত কেন্দ্ৰৰ দুৰ্বল স্থিতিক লৈ সৰব বিৰোধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 22, 2025 3:38 pm

কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে মণিপুৰলৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ ছজনীয়া প্ৰতিনিধি দলৰ ভ্ৰমণক সলাগি কয় হিংসাগ্ৰস্ত এই ৰাজ্যখনৰ চলি থকা সংকট নিবাৰণৰ বাবে অধিক ৰাজনৈতিক সম্পৃক্ততাৰ প্ৰয়োজন বুলি মতপ্ৰকাশ কৰিছে।

অৱশ্যে তেওঁ এই পৰ্যন্ত প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী সমস্যা জৰ্জৰ মণিপুৰ ভ্ৰমণ নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ মিজোৰাম ভ্ৰমণ কৰিছে আৰু প্ৰধানমন্ত্ৰী মোদী অসমলৈ গৈছে, কিন্তু সংকট আৰম্ভ হোৱাৰ পিছৰে পৰা দুয়োৰে কোনোৱে মণিপুৰত ভৰি দিয়া নাই। ২ এপ্ৰিলত বেংকক ভ্ৰমণৰো পৰিকল্পনা প্ৰধানমন্ত্ৰী মোদীৰ কিন্তু মণিপুৰ ভ্ৰমণৰ বাবে আহৰি নাই দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি গৃ্হমন্ত্ৰীৰ।

তেওঁ ৰাজ্যখনত দীৰ্ঘদিন ধৰি চলি থকা অস্থিৰতাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি কয়, স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ বহু সময় লাগিব, আৰু কেৱল সামূহিক প্ৰচেষ্টাৰ দ্বাৰাহে এই সংকটৰ সমাধান সম্ভৱ বুলি মত প্ৰকাশ কৰে। আৰু ৰাজনৈতিক হস্তক্ষেপৰ গুৰুত্বৰ দি মণিপুৰত নিৰ্বাচনৰ আহ্বান জনাইছে, যাতে শান্তিপূৰ্ণ শাসন ব্যৱস্থা পুনৰুদ্ধাৰ কৰিব পৰা যায়।  

এক্ট ইষ্টৰ কথা কোৱা চৰকাৰ খনে  উত্তৰ পূবৰ এখন ৰাজ্য ৰাজনৈতিক, সাম্প্ৰিদায়ীক হিংসা জৰ্জৰিত হৈ থকাৰ পাছতো চৰকাৰখনে  ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত গা এৰা দিয়া পৰিলক্ষিত হৈছে। সদনৰ মজিয়াটো মণিপুৰ সন্দৰ্ভত আলোচানা কৰিব নিবিচাৰে চৰকাৰখনে। কেন্দ্ৰৰ এনে দুৰ্বল স্থিতিয়ে উদ্বেগৰ সৃষ্টি কৰিছে।