ছন্দহীন পন্ট! ৰানৰ পাহাৰ গঢ়িও দিশহাৰা লক্ষ্ণৌ; আশুতোষৰ অবিশ্বাস্য বেটিঙেৰে জয় কাঢ়ি নিলে দিল্লীয়ে

আই পি এলৰ মেচ সকলো সময়তে অনিশ্চয়তাৰে ভৰা। আৰু সেইবাবেই এই প্ৰতিযোগিতাখন ইমান জনপ্ৰিয়। চলিত ছিজনৰ আৰম্ভণিতে এই কথা আকৌ এবাৰ প্ৰমাণিত হ’ল। লক্ষ্ণৌৱে খাবলৈ লোৱা ভাতৰ গৰাহ যেন মুখৰ পৰা কাঢ়ি নিলে দিল্লীয়ে। প্ৰায় জয়ী হোৱা মেচখন আক্ষৰিক অৰ্থতে ঋষভ পণ্টৰ ‘হাত পিছলি’ গুচি গ’ল দিল্লী শিবিৰলৈ।
যদি শেষ অভাৰত মোহিত শৰ্মাক ষ্টাম্প আউট কৰিব পৰা গ’লহেঁতেন তেন্তে ফলাফল বেলেগ হ’লহেঁতেন। কিন্তু ইয়াৰ একেবাৰে বিপৰীতটো ঘটিল। আশুতোষ শৰ্মাৰ বিস্ফোৰক বেটিঙেৰে জয় লাভ কৰি এইবাৰৰ আই পি এলৰ অভিযান আৰম্ভ কৰিছিল দিল্লী কেপিটেলছে।
অক্ষৰ পেটেলে প্ৰথমবাৰৰ বাবে দিল্লীৰ নেতৃত্বত সফল হয়। টছত জয়ী হৈ লক্ষ্ণৌক প্ৰথমে বেটিং কৰিবলৈ প্ৰেৰণ কৰে। অন্তঃসত্তা পত্নী আথিয়া শ্বেট্টীৰ সৈতে থাকিবলগীয়া হোৱাৰ বাবে মেচখনত অনুপস্থিত আছিল কে এল ৰাহুল। অৱশ্যে আৰম্ভণিৰে পৰাই অধিনায়ক অক্ষৰক যথেষ্ট আত্মবিশ্বাসী যেন লাগিছিল। তেওঁ কয় যে তেওঁলোকৰ দলটো যথেষ্ট সন্তুলিত।
অৱশ্যে লক্ষ্ণৌৰ বেটৰ আৰম্ভণি বেয়া হোৱা নাছিল। মাৰ্কৰাম ১৫ ৰানত আউট হ’লেও মিচেল মাৰ্ছ আৰু নিকোলাছ পুৰানে দলৰ নিয়ন্ত্ৰণ ধৰি ৰাখিছিল। তেওঁলোকৰ আক্ৰমণাত্মক পাৰ্টনাৰশ্বিপে সঞ্জীৱ গোৱেংকাৰ দলটোক ৰানৰ পাহাৰ গঢ়াত সহায় কৰিলে। ২৭ ৰানত অপৰাজিত হৈ থাকে ডেভিদ মিলাৰ।
অৱশ্যে বেটছমেন হিচাপে যিমানেই নিৰাশ কৰিছিল, উইকেটৰ পিছফালেও সিমানেই নিৰাশ কৰিছিল পণ্টে । ৬ টা বল খেলি শূন্য ৰানেৰে পেভিলিয়নলৈ উভতি আহিল। ৪ অভাৰত ৪২ ৰান দি ষ্টাৰ্কে ৩ টা উইকেট দখল কৰে। কুলদীপ যাদৱে দুটা উইকেট দখল কৰে।
লক্ষ্ণৌৰ আৰম্ভণি একাদশলৈ চালে দেখা যায় যে পণ্ট বাহিনীৰ বেটিং তেওঁলোকৰ বলিং লাইন আপতকৈ বহু বেছি শক্তিশালী। সেয়ে, স্ক’ৰব’ৰ্ডে ২০০ ৰান অতিক্ৰম কৰিলেও বলাৰসকলে কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব বুলি আশংকা কৰা হৈছিল। অৱশেষত সেই কথাই সঁচা হ’ল।
শাৰ্দুল ঠাকুৰকে ধৰি বলাৰসকলে দিল্লীৰ টপ অৰ্ডাৰ ভাঙি পেলালেও মিডল অৰ্ডাৰৰ বেটছমেনৰ বাবেই দলটোৱে মেচলৈ ঘূৰি আহে। আশুতোষৰ দুৰ্দান্ত বেটিঙৰ বাবেই অসাধ্য সাধন হ’ল। কিন্তু শেষত যদি মোহিতক পেভিলিয়নলৈ পঠিয়াব পৰা গ’লহেঁতেন তেন্তে লক্ষ্ণৌৱে ইমান ডাঙৰ স্ক’ৰ কৰিও পৰাজিত হ’ব নালাগিলেহেঁতেন৷ জয়ৰ পথ প্ৰশস্ত কৰিবলৈ দলটোৰ নতুন অধিনায়ক পণ্টে পৰৱৰ্তী মেচত প্ৰৱেশ কৰাৰ পূৰ্বে নিজৰ ভুলবোৰ শুধৰাব লাগিব।
দিল্লীৰ প্ৰথমটো জয়ত উল্লাসিত হৈ পৰিছে ফ্ৰেঞ্চাইজিটোৰ ক্ৰিকেট সঞ্চালক সৌৰভ গাংগুলী। দলটোক অভিনন্দন জনাই তেওঁ লিখিছে, বেটছমেনসকলে ৰাণ অনুসৰণ কৰি এটা ডাঙৰ ইনিংছ খেলিছিল। যদি ৰাহুল ঘূৰি আহে আৰু জেকে ভাল খেলে তেন্তে ই এক দুৰ্দান্ত বেটিং লাইন আপৰ সৃষ্টি কৰিব।
সংক্ষিপ্ত স্কোৰঃ
লক্ষ্ণৌ ছুপাৰ কিংছ: ২০৯/৮ (মাৰ্চ-৭২, পুৰাণ-৭৫)
দিল্লী কেপিটেলছ: ২১১/৯ (আশুতোষ- ৬৬*, নিগম-৩৯)
দিল্লী কেপিটেলছে ১ উইকেটত জয়লাভ কৰে।