NORTHEAST NOW (Assamese)
Popular Stories

পোনপ্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিব মাৰ্কিন ৰেপাৰ ট্ৰেভিছ স্কট! সংগীতপ্ৰেমীৰ মাজত উচাহৰ ঢল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2025 1:02 pm

গ্লবেল ৰেপ আইকন ট্ৰেভিছ স্কটে ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে। গীতিকাৰ তথা ৰেপাৰগৰাকীয়ে ২০২৫ চনৰ ১৮ অক্টোবৰত জৱাহৰলাল নেহৰু ষ্টেডিয়ামত মঞ্চত দেখা যাব, তেওঁৰ বহু প্ৰশংসিত চাৰ্কাছ মেক্সিমাছ ৱৰ্ল্ড ট্যুৰৰ অংশ হিচাপে ভাৰতলৈ আহিব

ট্ৰেভিছৰ ছিকো মোড, গুজবাম্পছ, হাইৱেষ্ট ইন দ্য ৰুম, আৰু ভাইৰেল চেন্সেশন Fe!n আদি উল্লেখ যোগ্য গীততেওঁৰ শেহতীয়া এলবাম ইউটোপিয়াই বিশ্বৰ সংগীতপ্ৰেমীৰ মাজত আধিপত্য বিস্তাৰ কৰি সমসাময়িক হিপ-হপৰ অন্যতম অগ্ৰণী হিচাপে তেওঁৰ প্ৰভাৱ আৰু অধিক শক্তিশালী কৰি তুলিছে।

ট্ৰেভিছ স্কটৰ আগমন ভাৰতৰ বিকশিত লাইভ মিউজিক জগতখনৰ বাবে আন এক ডাঙৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব। এড শ্বিৰান আৰু কল্ডপ্লেৰ পৰা আৰম্ভ কৰি ইমাজিন ড্ৰেগনছ আৰু কে-পপ চেন্সেশন জেকচন ৱাংলৈকে, বিশ্বৰ শিল্পীসকলে এতিয়া ভাৰতক কনচাৰ্টলৈ যোৱা সম্ভাৱ্য দেশ হিচাপে চাইছে।

এই কনচাৰ্টটো ভাৰতলৈ আনিছে BookMyShow Live-এ