NORTHEAST NOW (Assamese)
Popular Stories

চৰকাৰৰ কঠোৰ নিৰ্দেশ! ৰাম নৱমীৰ দিনা সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব মাছ-মাংসৰ দোকান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 30, 2025 9:49 am

চৈত্ৰ নৱৰাত্ৰী আৰু ৰাম নৱমী উপলক্ষে উত্তৰ প্ৰদেশ চৰকাৰে মাছ-মাংস বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰৰ পৰা আৰম্ভ হোৱা নৱৰাত্ৰীৰ ৯ দিন আৰু ১৭ এপ্ৰিলৰ পৰা ৰাম নৱমীৰ দিনা সমগ্ৰ ৰাজ্যতে মাংস বিক্ৰী নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছে।চৰকাৰৰ নীতি-নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ আছে যে নৱৰাত্ৰীৰ সময়ত কোনো ধৰ্মীয় স্থানৰ পৰা ৫০০ মিটাৰৰ ভিতৰত মাংসৰ দোকান খোলা ৰাখিব নোৱাৰিব। মাছ আৰু মাংস কেৱল কিছুমান চৰ্ততহে অনুজ্ঞাপত্ৰ থকা দোকানত বিক্ৰী কৰিব পাৰিব, কিন্তু ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিব নোৱাৰিব। আনহাতে, ৰাম নৱমীৰ দিনা সমগ্ৰ উত্তৰ প্ৰদেশত মাছ-মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হব।

মাংস বিক্ৰীৰ এই নিষেধাজ্ঞা কঠোৰভাৱে বলবৎ কৰিবলৈ ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব অমৃত অভিজিতে কয় যে প্ৰতিখন জিলাৰ দণ্ডাধীশ, আৰক্ষী আয়ুক্ত আৰু সংশ্লিষ্ট বিষয়াসকলক অবৈধ কটা ঘৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি ধৰ্মীয় স্থানৰ আশে-পাশে মাংস বিক্ৰী বন্ধ কৰাৰ বাবে বিশেষ চোৰাংচোৱাগিৰি কৰা হব।

এই নিৰ্দেশ উলংঘা হলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও যোগী চৰকাৰে কৈছে। চৰকাৰী গাইডলাইনত উল্লেখ কৰা হৈছে যে জিলা প্ৰশাসন, আৰক্ষী, স্বাস্থ্য, পৰিবহণ আৰু খাদ্য সুৰক্ষা বিভাগৰ যৌথ দলে নিয়ম উলংঘা ৰোধ কৰিবলৈ নিৰীক্ষণ কৰিব। যোগী চৰকাৰে কয় যে নৱৰাত্ৰিৰ সময়ত ধৰ্মীয় স্থানৰ পবিত্ৰতা বজাই ৰাখিবলৈ আৰু মানুহৰ ধৰ্মীয় আৱেগক সন্মান জনোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।