ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে দুই ভাতৃয়ে

এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে দুই ভাতৃয়ে। জানিব পৰা মতে শুই থকাৰ সময়তে ঘৰত অগ্নিকাণ্ড সংঘটিত হৈ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আকোৱালি লয়। অগ্নিকাণ্ডত পিতৃও গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
ঘটনাৰ সময়ত দুই ভাতৃ শুই আছিল। স্থানীয় ৰাইজে ঘটনাৰ বিষয়ে গম পোৱাৰ পাছতে জুই নুমুৱাবলৈ চেষ্টা কৰে কিন্তু জুই তীব্ৰ হৈ পৰে। শিশু দুটাক উদ্ধাৰ চেষ্টা কৰিছিল যদিও তেতিয়ালৈক দুয়ো শিশুৰ মৃত্যু ঘটে। আৰু পিতৃও গুৰুতৰভাৱে আহত হয়। পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
প্ৰকাশিত তথ্য অনুসৰি এই ঘটনা বিহাৰৰ খগড়িয়া জিলাৰ মানসী থানা এলেকাৰ বংগালীয়াত সংঘটিত হৈছে। স্থানীয়সূত্ৰ মতে দুৰ্ঘটনাৰ সময়ত ঘৰত খাদ্য ৰান্ধি আছিল আৰু ওচৰৰ খেৰত জুই লাগে। সেই জুইয়ে সমগ্ৰ ঘৰটোত বিয়পি পৰে।
সঞ্জয় সিঙৰ ঘৰৰ পৰা ৪ টা চুবুৰিয়াৰ ঘৰতো জুইয়ে আগুৰি ধৰে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে।