NORTHEAST NOW (Assamese)
Popular Stories

বনৰীয়া হাতীৰ জাকৰ আক্ৰমণস্থলীলৈ পৰিণত ঝাৰখণ্ড! চাৰিদিনত ৭ জনকৈ লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2025 8:49 am

ঝাৰখণ্ডৰ দুখন জিলাত বনৰীয়া হাতীৰ জাক জুৰুলা সাধাৰণ জনগণ। ঝাৰখণ্ডৰ গুমলা আৰু ছিমডেগাত যোৱা চাৰিদিনত হাতীৰ আক্ৰমণত ৭ জন লোকৰ মৃত্যু হৈছে। আন এজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দেওবাৰে গুমলাত হাতী ভৰিৰে ভৰিৰে মোহাৰি দুজন লোকৰ মৃত্যু হয়। আন এজন ব্যক্তি গুৰুতৰভাৱে আহত। সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। দেওবাৰে পুৱা গুমলাৰ ৰায়দিহ থানাৰ অন্তৰ্গত ডেৰাংডিহি আম্বাকোনা বনাঞ্চলত মহুৱা সংগ্ৰহ কৰিবলৈ গৈছিল জেমছ কুজুৰ (৪৫)। লগে লগে হাতীৰ জাকটোৰ সন্মুখত পৰিল। নিমিষতে বনৰীয়া হাতীয়ে তেওঁক ভৰিৰ তলত থেতেলিয়াই পেলালে। দুপৰীয়াৰ ভাগত আৰক্ষী আৰু বন বিভাগৰ লোকে জেমছৰ বিকৃত মৃতদেহ উদ্ধাৰ কৰে। এক সুকীয়া ঘটনাত এটা হাতীয়ে ক্লাইমেট এক্কা (৭৩) নামৰ এজন বৃদ্ধক ধৰি ঘৰৰ সন্মুখত মাটিত পেলাই দিয়ে। গুৰুতৰ অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই তেওঁৰ মৃত্যু হয়।

ইয়াৰ পাছতে চুবুৰীয়া গাঁও জাৰ্মানাত হাতীৰ জাকটোৱেও হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। তাত হাতীৰ আক্ৰমণত মৃত্যু হয় অৰবিন্দ সিং ৰাজাৱত (৫০) নামৰ আন এজন যুৱকৰ।

মন কৰিবলগীয়া যে, বৃহস্পতিবাৰে ছিমডেগা জিলাত বনৰীয়া হাতীৰ দল এটাই চাৰিজন লোকক হত্যা কৰে। তেতিয়াৰ পৰাই ঝাৰখণ্ডৰ এক বিশাল অঞ্চলত আতংক বিয়পি পৰিছে। সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি নিহত লোক দুজনৰ নাম বিকাশ ওহদাৰ, ছিবিয়া লুগুন, ক্রিষ্টোফাৰ এক্কা আৰু হেমৱতী দেৱী৷ গাঁৱৰ ৰাইজে কয় যে বিগত কিছুদিন ধৰি গুমলা আৰু ছিমডেগা জিলাত দুই-তিনিটা দলে বনৰীয়া হাতী দৌৰিছে। বসতিস্থলত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ, কৃষিভূমি ধ্বংস কৰিছে।   জোৰৰ পৰা আৰম্ভ কৰি ঢোললৈকে সকলোৰে ভয় খুৱাবলৈ চেষ্টা কৰিও হাতীৰ জাকটোক বশ কৰিব নোৱাৰিলে। স্থানীয় বাসিন্দাসকলকো সজাগ হবলৈ আহ্বান জনাইছে বন বিভাগে। পৰিস্থিতি চম্ভালিবলৈও খেলপথাৰলৈ ওলাই আহিছে।