NORTHEAST NOW (Assamese)
Popular Stories

বিপৰীত দিশলৈ ঘূৰিছে পৃথিৱী : চিন্তাত পৰিছে গৱেষক-বিজ্ঞানী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 2, 2025 9:22 am

আমি জানো যে পৃথিৱীখনে নিৰন্তৰ নিজৰ দিশত গতি কৰে। কিন্তু এইবাৰ পোহৰলৈ আহিছে আন এক তথ্য।

ভূগৰ্ভৰ ভিতৰৰ স্তৰটো বিপৰীত দিশত ঘূৰিবলৈ আৰম্ভ কৰিছে। ফলত বিজ্ঞানীসকলৰ ওপৰত হেঁচা পৰিছে। উল্লেখ্য যে পৃথিৱীৰ স্তৰটো ওলোটা দিশত ঘূৰাতো ভাল লক্ষণ নহয় বুলি সকীয়াই দিছে বিজ্ঞানী সকলে।

এই ঘটনাৰ মূল কাৰণ হল পৃথিৱীত সংঘটিত হোৱা ভূমিকম্প আৰু পাৰমাণৱিক পৰীক্ষা। এনে ঘটনাৰ বাবেই পৃথিৱীৰ তলৰ স্তৰবোৰ সলনি হবলৈ আৰম্ভ কৰিছে।

এজন ভূতত্ত্ববিদে এই বিষয়টো বিতংভাৱে অধ্যয়নৰ কৰিছএ। তেওঁ কয় যে পৃথিৱীৰ তলত অবিৰতভাৱে কম্পন চলি আছে। ফলত তাৰ পৰাই এই ধৰণৰ ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে পৃথিৱীৰ ঘূৰ্ণনৰ লগত চন্দ্ৰৰ সম্পৰ্ক আছে। পৃথিৱীৰ ভিতৰত সংঘটিত হোৱা এই ঘটনাৰ বাবে পৃথিৱীৰ লগত থকা চন্দ্ৰৰ সম্পৰ্কতো প্ৰভাৱ পৰিব।

বিজ্ঞানী সকলে জনোৱা মতে, পৃথিৱীৰ স্তৰ সমূহ অতি লাহে লাহে গতি কৰি আছে। ফলত ইয়াক ধৰা পেলোৱাতো সহজ নহয়। কিন্তু এই ঘটনাৰ বাবে ভৱিষ্যতে পৃথিৱীয়ে নিজৰ গতি হেৰুৱাব পাৰে। ই এবাৰ বিপৰীত দিশত ঘূৰিবলৈ আৰম্ভ কৰিলে গতি লাভ কৰিবলৈ কিছু সময় লাগিব। কিন্তু ইয়াৰ পৰিণাম ভয়াৱহ হব।যদি পৃথিৱীখনে বিপৰীত দিশত ঘূৰিবলৈ আৰম্ভ কৰে তেন্তে পৃথিৱীৰ জনজীৱনতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। পৃথিৱীখনে নিজৰ স্বাভাৱিক ছন্দ হেৰুৱাই পেলাব। যদিও এই পৰিস্থিতি এতিয়া অতি ক্ষুদ্ৰ, ভৱিষ্যতে ইয়াৰ প্ৰভাৱ বিপুল হ’ব।