NORTHEAST NOW (Assamese)
দেশ

পি এফ প্ৰবঞ্চনাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন ৰাজ্যসভাত

Posted by: এন ই নাও নিউজ, গুৱহাটী Updated by: এন ই নাও নিউজ, গুৱহাটী April 3, 2025 10:57 am

কৰ্মচাৰীৰ প্ৰাপ্য পি এফৰ সৈতে প্ৰবঞ্চনা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ৰাজ্যসভাত। বুধবাৰে ৰাজ্যসভাত তৃণমূলৰ সাংসদ ৰীতব্ৰত বেনাৰ্জীয়ে এই দাবী উত্থাপন কৰিলে।

বুধবাৰে সদনত তেওঁ বিশেষভাৱে ব্যক্তিগত খণ্ডৰ কথা উল্লেখ কৰি তেওঁ কয় যে বহু সময়ত কোম্পানীয়ে নিজৰ কৰ্মচাৰীৰ পি এফৰ ধন জমা নকৰে।

ৰাজ্যৰ শ্ৰম বিভাগে অতিৰিক্ত কেন্দ্ৰীয় পি এফৰ ভাৰপ্ৰাপ্ত আয়ুক্তলৈ পত্ৰ লিখি শ্ৰমিকসকলৰ ন্যায় বিচাৰিছিল যদিও তেওঁ এই প্ৰক্ৰিয়াত বিলম্ব কৰিছে বুলি সাংসদ গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে। সাংসদগৰাকীয়ে দাবী কৰে যে পি এফৰ জমা ধনৰ সৈতে হেতালি খেলা হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

শ্ৰমিকৰ আৰ্থিক সুৰক্ষা আৰু কৰ্ম পৰিৱেশৰ উন্নতিৰ বাবে সুব্যৱস্থাপনাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত যাতে কৰ্মি সকল মুক্ত চিন্তে কৰ্ম কৰি যাব পাৰে।