NORTHEAST NOW (Assamese)
অসম

চিৰাঙত গ্ৰেপ্তাৰ তেল চুৰিৰ চক্ৰ : তেল চুৰি কৰি হাতে-লোতে ধৰা পৰিল আৰক্ষী জোৱানো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2025 2:33 pm

চিৰাং জিলাৰ কাজলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ধলিগাঁৱত কাজলগাঁও আৰক্ষীয়ে হাতে লোতে ধৰিলে এক তেল চোৰৰ চক্ৰ।

এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই কাজলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুল মনি দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ধলিগাঁৱৰ ৰবিন গয়াৰী নামৰ এজন ব্যক্তিৰ গেৰেজত অভিযান চলায়।

বঙাইগাঁও শোধনাগাৰৰ পৰা অহা এ এছ-১৬ এ চি-২৮০০ নম্বৰত পঞ্জীয়নকৃত এখন তেল টেংকাৰ পৰা তেল চুৰি কৰি থকা অৱস্থাত চাৰিজন ব্যক্তিক হাতে-লোতে ধৰে আৰক্ষীৰ দলটোৱে।

আটকাধীন ব্যক্তিকেইজন হৈছে ৰবিন গয়াৰী, বিক্ৰম দাস, তনময় নাথ, আৰু নিকুঞ্জন নাথ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আৰক্ষীয়ে তেল চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৰবিন গয়াৰী হৈছে বঙাইগাঁও বিদেশী ন্যায়াধিকৰণ চিনাক্তকৰণ শাখাত কৰ্মৰত অসম আৰক্ষীৰ জোৱান।

তদন্তত প্ৰকাশ পাইছে যে ৰবিন গয়াৰী অগাধ সম্পত্তিৰ গৰাকী। তেল চুৰি কৰি কৰি সম্পত্তিৰ পাহাৰ গঢ়িছে আৰক্ষী জোৱান ৰবিন গয়াৰীয়ে।