NORTHEAST NOW (Assamese)
দেশ

“বনধ্বংসৰ সকলো কাৰ্যকলাপ বন্ধ কৰক” : তেলেংগানা চৰকাৰলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2025 6:56 pm

সবত্ৰে চলা প্ৰতিবাদৰ মাজতে তেলেংগানা চৰকাৰে হায়ডৰাবাদ বিশ্ববিদ্যালয়ৰ ওচৰত থকা বন ধ্বংস কাৰ্সকলাপত নিষেধাজ্ঞা আৰোপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

তেলেংগানাত চলা বন ধ্বংসৰ সকলো কাম বন্ধ কৰিবলৈ কাঢ়া নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে।

ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু অগাষ্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে কয় যে তেলেংগানা উচ্চ ন্যায়ালয়ে দাখিল কৰা অন্তৱৰ্তীকালীন প্ৰতিবেদনত বনাঞ্চল ধ্বংসৰ এক “আতংকজনক ছবি” দেখা গৈছে।

প্ৰতিবেদনত বিশ্ববিদ্যালয়খনৰ কাষত বৃহৎ সংখ্যক গছ কাটি পেলোৱাৰ কথা উন্মোচন হৈছে।

উচ্চতম ন্যায়ালয়ে তেলেংগানাৰ মুখ্য সচিবক উত্তৰ দিবলৈ নিৰ্দেশ দি প্ৰশ্ন কৰে যে ৰাজ্যখনে গছ বন তহিলং কৰি উন্নয়নমূলক কাম-কাজ আৰম্ভ কৰাৰ কি বাধ্যবাধকতা আছে ?

বিচাৰপীঠে মুখ্য সচিবক কয় যে তেলেংগানা চৰকাৰে এনে কাম-কাজ চলোৱাৰ পূৰ্বে পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ প্ৰমাণ পত্ৰ লৈছিল নে নাই তাৰ উত্তৰ দিব লাগিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ২ এপ্ৰিল তাৰিখে তেলেংগানা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল যে তেলেংগানা ঔদ্যোগিক আন্তঃগাঁথনি নিগমৰ বাবে আবণ্টিত হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ কাষৰীয়া কাঞ্চা গাচিবৌলিৰ ৪০০ একৰ মাটিত গছ কটা কাম বন্ধ কৰিব লাগে।

উল্লেখ্য যে শেহতীয়া কেইটামান দিনত উক্ত ৪০০ একৰ মাটিৰ এক বৃহৎ অংশত থকা গছ-গছনি কাটি পেলোৱা হৈছে। গছ-গছনি কটাৰ পিছত তাত থকা পশু-পক্ষীৰ ওপৰত পৰা প্ৰত্যক্ষ প্ৰভাৱৰ ছবি দেখা পোৱা গৈছে। গছবোৰ কাটি পেলোৱাৰ ফলত আশ্ৰয়হীন হৈ পৰিছে হাজাৰ হাজাৰ চৰাই-চিৰিকটি আৰু জীৱ-জন্তু।

এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে হায়দৰাবাদ বিশ্ববিদ্যালয় আৰু অন্যান্য বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন সচেতন নাগৰিক তথা দল সংগঠনে।