NORTHEAST NOW (Assamese)
অসম

উচ্চতৰ মাধ্যমিকত ৬টা স্থানেৰে চমক পাঠশালাৰ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ

Posted by: এনই নাও নিউজ May 31, 2018 1:00 pm
ATTACHMENT

সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা আৰু বিজ্ঞান শাখাত মুঠ ছটাকৈ স্থান দখল কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰিছে পাঠশালাত অৱস্থিত কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজে।

স্বাভাৱিকতে শৈক্ষিক প্ৰতিষ্ঠানখনৰ এই ফলাফলে আনন্দৰ বন্যা নমাই আনিছে মহাবিদ্যালয়খনলৈ। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সমান্তৰালভাৱে স্থানীয় ৰাইজকো এই ফলাফলে উল্লসিত কৰি তুলিছে।

ফলাফল অনুসৰি বিজ্ঞান শাখাত মহাবিদ্যালয়খনৰ ছাত্ৰী নীহাৰিকা গোস্বামীয়ে মুঠ ৫০০নম্বৰৰ ভিতৰত  ৪৮৩ নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে ৪৮০ নম্বৰ লাভ কৰি ভাস্কৰজ্যোতি কলিতাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

সমান্তৰালভাৱে ৪৭৯ নম্বৰেৰে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ ভাস্বতী কলিতাই লাভ কৰিছে চতুৰ্থ স্থান।

আনহাতে কলা শাখাতো তিনিগৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।ফলাফল অনুসৰি ৪৮৪ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভনিতা ৰয়ে। আনহাতে ৪৮২ নম্বৰেৰে চতুৰ্থ স্থান লাভ কৰিছে ঋতুপৰ্ণ কলিতাই আৰু ৪৮১ নম্বৰেৰে পঞ্চম স্থান অধিকাৰ কৰিছে হিয়াশ্ৰী চৌধুৰীয়ে।

বিদ্যালয়খনৰ এই সফলতাত এতিয়া সমগ্ৰ আঞ্চলটোতে এক উছৱমুখৰ পৰিৱেশে দেখা দিছে। বিশেষকৈ একেখন শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা ৬ গৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হোৱাত আনন্দিত হৈ পৰিছে সকলো।