NORTHEAST NOW (Assamese)
ভাষা-সাহিত্য

আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা, ২০২৫ : ‘হাৰ্ট লেম্প’ শীৰ্ষক গ্ৰন্থৰ বাবে মনোনীত ভাৰতীয়ে লেখিকা বানু মুস্তাক আৰু দীপা ভাষ্টিৰ নাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 9, 2025 12:08 pm

আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা, ২০২৫ ৰ বাবে মনোনয়ন তালিকাত স্থান লাভ কৰিছে হাৰ্ট লেম্প শীৰ্ষক গ্ৰন্থৰ ভাৰতীয় লেখিকা বানু মুস্তাক আৰু উক্ত গ্ৰন্থখনৰ অনুবাদক দীপা ভাষ্টিয়ে।

উল্লেখ্য যে কানাড়া লেখিকা বানু মুস্তাকৰ ‘হাৰ্ট লেম্প’ শীৰ্ষক গ্ৰন্থখন ইংৰাজী ভাষালৈ অনুবাদ কৰিছে দীপা ভাষ্টিয়ে।

২০২২ চনত ডেইজী ৰকৱেলে হিন্দী ভাষাৰ পৰা অনুবাদ কৰা গীতাঞ্জলি শ্ৰীৰ টম্ব অৱ ছেণ্ড নামৰ গ্ৰন্থৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ প্ৰাইজ লাভ কৰাৰ বুকাৰ প্ৰাইজৰ ক্ষেত্ৰত চৰ্চা লাভ কৰা এইখন দ্বিতীয়খন ভাৰতীয় গ্ৰন্থ।

উল্লেখ্য যে ভাৰতৰ পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়া আৰু ব্ৰিটেইনৰ এণ্ড অদাৰ ষ্টৰীজজে ২০২৫ চনৰ এপ্ৰিল মাহত হাৰ্ট লেম্প প্ৰকাশ কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় বুকাৰ প্ৰাইজৰ বাবে মনোনীত ১২ গৰাকী সাহিত্যিকৰ ভিতৰত ৯ গৰাকী মহিলা, আৰু তিনিগৰাকী পুৰুষ। মনোনীত হোৱা কিতাপৰ তালিকাত থকা ছখন কিতাপৰ ভিতৰত মাত্ৰ এখন কিতাপহে ২০০ পৃষ্ঠাতকৈ অধিক।

এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ প্ৰাইজৰ জুৰীৰ অধ্যক্ষতা কৰিছে লেখক মেক্স পৰ্টাৰে। লগতে আন বিচাৰকসকল হৈছে কবি আৰু ফটোগ্ৰাফাৰ কেলেব ফেমি; ৱাছাফিৰী ছানা গোৱালৰ লেখক আৰু প্ৰকাশন সঞ্চালক; লেখক আৰু অনুবাদক এণ্টন হুৰ; আৰু গায়িকা-গীতিকাৰ বেথ অৰ্টন। উল্লেখ্য যে অহা ২০ মে’ত লণ্ডনৰ টেট মডাৰ্ণত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বুকাৰ প্ৰাইজ, ২০২৫ বিজয়ীৰ নাম ঘোষণা কৰা হ’ব।