NORTHEAST NOW (Assamese)
অসম

উচ্চতৰ মাধ্যমিকঃ ফলাফল নোপোৱাক লৈ মহানগৰীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ May 31, 2018 2:06 pm
protest

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৰাজ্যজুৰি আজি ফলাফল ঘোষণা কৰিছে যদিও মহানগৰীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত ফলাফল নোপাৱাক লৈ শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে ব্যাপক ক্ষোভৰ।

শিক্ষাৰ্থীসকলে কৰা অভিযোগ অনুসৰি  শিক্ষা সংসদৰ গাফিলতিৰ বাবে মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীয়ে নাপালে ফলাফল। উল্লেখযোগ্য যে এইবাৰ মহাবিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৬৯ গৰাকী শিক্ষাৰ্থীৰ এগৰাকীয়েও ফলাফল লাভ কৰিবলৈ সক্ষম নহ’ল। ইয়াৰ বিপৰীতে বিগত বৰ্ষত অনুত্তীৰ্ণ হৈ পুনৰ পৰীক্ষা দিয়া ৩৭গৰাকী শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ ৯ গৰাকীয়েহে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াকে লৈ শিক্ষাৰ্থীসকলে বিভিন্ন শ্ল’গান দি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলে ৰাজ্যৰ কেইবাখনো জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে৷ কলা শাখাত মুঠ ১ লাখ ৯৪ হাজাৰ ৫৩৩ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল৷ ইয়াৰে ১ লাখ ৪৫ হাজাৰ ২৮১ গৰাকী উত্তীৰ্ণ হয়৷ ইয়াৰে ১৯,৪৭০ গৰাকীয়ে প্ৰথম বিভাগত, ৪৫,৭৫১গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৮০,০৬০ গৰাকীয়ে৷

৭৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হয় কলা শাখাত৷ আনহাতে বানে ধোৱা ধেমাজি জিলাই আকৌ এবাৰ উত্তীৰ্ণৰ শীৰ্ষত উপনীত হ’বলৈ সক্ষম হয়৷ উত্তীৰ্ণৰ একেবাৰে নিম্নত আছে পাহাৰীয়া জিলা কাৰ্বি আংলং৷ কাৰ্বি আংলং জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.৩৯ ৷