NORTHEAST NOW (Assamese)
Popular Stories

ৰেলৰ পৰা যাত্ৰীৰ সামগ্ৰী চুৰি হ’লে কোন দায়ী? দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 10, 2025 11:04 am

বহু বাছত লিখা থাকে যে যাত্ৰীজনেই তেওঁলোকৰ সামগ্ৰীৰ বাবে দায়বদ্ধ, কৰ্তৃপক্ষ দায়ী নহয়! ঠিক একেদৰেই দীৰ্ঘ দূৰত্বৰ ৰে’লৰ এচি ডবা এখনৰ পৰা যাত্ৰীৰ মূল্যৱান সামগ্ৰী চুৰি হোৱাৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশেও যেন একেই ইংগিত বহন কৰিছে।

এনে এটা গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে চলন্ত ৰে’লৰ পৰা কোনো যাত্ৰীবাহী সামগ্ৰী চুৰি কৰাৰ বাবে ৰে’ল কৰ্তৃপক্ষ দায়ী নহ’ব। বৰঞ্চ যাত্ৰীসকলে নিজৰ সামগ্ৰীৰ প্ৰতি সচেতন হ’ব লাগিব!

অৱশ্যে এই ঘটনাৰ তদন্তত যদি সংশ্লিষ্ট ৰে’ল কৰ্মচাৰীজনৰ গাফিলতিৰ প্ৰমাণ পোৱা যায় তেন্তে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আদালতে জানিবলৈ দিয়ে।

বুধবাৰে ন্যায়াধীশ ৰবিন্দৰ দুদেজাৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। ৰে’লৱেৰ সূত্ৰ অনুসৰি ২০১৩ চনৰ তৃতীয় এচি কম্পাৰ্টমেণ্টত দিল্লীৰ পৰা নাগপুৰলৈ গৈ আছিল এজন ব্যক্তি। পিছত তেওঁ কঢ়িয়াই অনা বেকপেকটো ৰে’লৰ পৰা চুৰি হোৱা বুলি ৰে’ল উপভোক্তা আয়োগত লিখিত অভিযোগ দাখিল কৰে। তেওঁ অভিযোগ কৰে যে প্ৰশ্ন কৰা ডবাটোৰ দায়িত্বত থকা ৰে’ল কৰ্মচাৰীজন শুই আছিল, যাৰ ফলত তেওঁৰ বেকপেকটো চুৰি হৈছিল।

তেওঁ দাবী কৰে যে বেকপেকটোত এটা লেপটপ, কেমেৰা, চাৰ্জাৰ, চশমা আছিল। ইয়াৰ বাবে তেওঁ ৮৪ হাজাৰ টকা আৰু মানসিক হাৰাশাস্তিৰ বাবে ৰে’লৱেৰ পৰা আৰু ১ লাখ টকা দাবী কৰে। অৱশ্যে গ্ৰাহক আয়োগে ব্যক্তিজনৰ অভিযোগ খাৰিজ কৰে। এইবাৰ দিল্লী উচ্চ ন্যায়ালয়েও একে নিৰ্দেশ দিয়ে।