NORTHEAST NOW (Assamese)
অসম

উত্তৰবহী মূল্যাংকন কৰিছে পিয়নে; চৰকাৰী কলেজৰ কাণ্ড পোহৰলৈ অহাৰ পিছতে লাগিল তোলপাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 10, 2025 3:39 pm

পিয়নে পৰীক্ষাৰ উত্তৰবহী মূল্যাংকন কৰিছে। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে কলেজৰ অধ্যক্ষ আৰু এজন অধ্যাপকক কৰ্তব্য অৱহেলাৰ বাবে শীঘ্ৰে নিলম্বন কৰা হয়।

মধ্যপ্ৰদেশৰ নৰ্মদাপুৰম জিলাৰ এখন চৰকাৰী মহাবিদ্যালয়ত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। অৱশ্যে নৰ্থইষ্ট নাওৱে সেই ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই। সেই ভিডিঅ’টোত এজন পিয়নে সেই চৰকাৰী মহাবিদ্যালয়ত পৰীক্ষাৰ উত্তৰ বহী পৰীক্ষা কৰা দেখা গৈছে।

জানিব পৰা মতে, ভিডিঅ’টো ৰাজহুৱা হোৱাৰ লগে লগে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় বিধায়ক ঠাকুৰদাস নাগবংশীৰ সৈতে যোগাযোগ কৰে। তেওঁ মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তাৰ পিছত দ্ৰুতগতিত পদক্ষেপ গ্ৰহম কৰা হয় ।

ৰাজ্যৰ যুৱ কল্যাণ মন্ত্ৰী বিশ্বাস সাৰঙে কয় যে মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু এজন ন’ডেল বিষয়াক নিলম্বন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে পিয়নক উত্তৰ বহী পৰীক্ষাৰ কাম অৰ্পণ কৰা অধ্যাপকজনৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ‘’এই ঘটনা যাতে পুনৰ নহয় তাৰ বাবে দৃষ্টি ৰখা হ’ব। উচ্চ শিক্ষাৰ মান বজাই ৰখাৰ বাবে চৰকাৰে সদায় চেষ্টা কৰে। এই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক আৰু ক্ষমাৰ অযোগ্য। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

কলেজৰ অধ্যক্ষ ৰাকেশ ভাৰ্মাই কয় যে তেওঁ আৰু অধ্যাপক ৰামগুলাম পেটেলক ৪ এপ্ৰিলত নিলম্বন কৰা হৈছিল। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে উত্তৰ বহী চোৱাৰ কাম এজন অতিথি শিক্ষকক দিয়া হৈছে। যিয়ে সেই পিয়নক উত্তৰবহী চোৱাৰ দায়িত্ব দিছিল।

অধ্যক্ষগৰাকীয়ে লগতে দাবী কৰে যে এই ঘটনা জানুৱাৰী মাহত সংঘটিত হৈছিল। পিছত এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰে। ইতিমধ্যে তেওঁ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ উচ্চ শিক্ষা বিভাগত আবেদন জনাইছে।