NORTHEAST NOW (Assamese)
Popular Stories

মেট্ৰিকৰ ফলাফলত অসন্তুষ্ট নেকি? কেনেকৈ কৰিব উত্তৰ বহীৰ পুনৰীক্ষণ? জানক সবিশেষ…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 12, 2025 12:58 pm

কালি ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। বিগত বৰ্ষৰ তুলনাত নিম্নগামী এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। এইবাৰ মুঠ ৬৩.৯৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয় মেট্ৰিক পৰীক্ষাত। বিপৰীতে যোৱা বৰ্ষত উত্তীৰ্ণ হৈছিল ৭৫.৭ শতাংশ।

এইবাৰৰ মেট্ৰিকত ছাত্ৰীতকৈ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ অধিক। ছাত্ৰৰ উত্তীৰ্ণ হাৰ হৈছে ৬৭.৫৯ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬১.০৯ শতাংশ।

কিন্তু যিসকলৰ পৰীক্ষাৰ ফলাফলক লৈ কোনো ওজৰ-আপত্তি আছে, যদি তেওঁলোকে নিজৰ উত্তৰ বহী পুনৰীক্ষণ কৰিব বিচাৰে তেওঁলোকৰ বাবেও থাকিব ব্যৱস্থা।

কেনেকৈ কৰিব উত্তৰ বহী পুনৰীক্ষণ, চাওক প্ৰক্ৰিয়া

১. উত্তৰ বহী পুনৰীক্ষণ কৰিব বিচৰা শিক্ষাৰ্থীসকলে ASSEBৰ অফিচিয়েল ৱেবছাইট sebaonline.orgলৈ গৈ আবেদন কৰিব পাৰিব। প্ৰথমে ৱেবছাইট খোলক

২. “APPLY FOR RE-CHECKING & Scanned copy of ANSWER SCRIPT and OMR with Answer Key” লিংকত ক্লিক কৰক।

৩. RE-CHECKING & Scanned copy of ANSWER SCRIPT নিৰ্বাচন কৰক।

৪. কোন বিষয়ৰ উত্তৰ বহী পুনৰীক্ষণ কৰিব বিচাৰে সেই বিষয়টো বাছনি কৰক।

৫. বিচৰা অনুসৰি প্ৰয়োজনীয় তথ্য আৰু মাচুল জমা কৰক। মাচুল কেৱল অনলাইন মডতহে পৰিশোধ কৰিব পাৰিব।

৬. উত্তৰ বহীৰ পুনৰীক্ষণ আৰু স্কেন কপিৰ বাবে ৪০০ টকা মাচুল জমা দিব লাগিব।

৭. পুনৰীক্ষণ প্ৰক্ৰিয়া : প্ৰাৰ্থীয়ে মন কৰা উচিত যে উত্তৰ বহী পুনৰীক্ষণ কৰাৰ অৰ্থ উত্তৰবহী পুনৰ মূল্যাংগন নহয়।

পুনৰ মূল্যাংকনে সামৰি লব –

(ক) পৰীক্ষকে প্ৰদান কৰা নম্বৰৰ পুনৰ গণনা।

(খ) কোনো উত্তৰ মূল্যাংকন নকৰাকৈ ৰৈ গৈছে নেকি সেয়া বিশ্লেষণ

(গ) যিকোনো ধৰণৰ/প্ৰকৃতিৰ নম্বৰৰ ভুলকৈ দিয়া

৮. পুনৰীক্ষণৰ ফলাফল আবেদন গ্ৰহণৰ পৰা ৩০ দিনৰ ভিতৰত SMS আৰু e-mail জৰিয়তে জনোৱা হব।

৯. নম্বৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত সংশোধিত মাৰ্কশ্বীট-চাৰ্টিফিকেট লাভ কৰিবলৈ শিক্ষাৰ্থীগৰাকীৰ সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰধানে বৰ্ড কাৰ্যালয়ত অৰিজিনেল মাৰ্কশ্বীট-চাৰ্টিফিকেট জমা দিব লাগিব। এনেধৰণৰ মাৰ্কশ্বীট-চাৰ্টিফিকেট পোনপটীয়াভাৱে শিক্ষাৰ্থীলৈ বা আন কোনো এজেন্সীৰ দ্বাৰা প্ৰেৰণ কৰা নহয়।

১০. উত্তৰ বহীৰ স্কেন কপি ই-মেইলযোগে লাভ কৰিব পৰীক্ষাৰ্থীগৰাকীয়ে।