NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী প্ৰে’ছ ক্লাবৰ মীডিয়া ক্লিনিকত শনিবাৰে সেৱা আগবঢ়াব হায়াত চিকিৎসালয়ে

Posted by: এন ই নাও নিউজ May 31, 2018 6:58 pm
HEALTH-CHECKUP-CAMP

গুৱাহাটীৰ হায়াত হস্পিটেলে ( Hayat Hospital ) অহা ২ জুনত গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিক পৰিচালনা কৰিব।

অহা শনিবাৰে দিনৰ ১ বজাৰ পৰা ৩ বজালৈ মীডিয়া ক্লিনিকটোত বিনামূলীয়াকৈ সেৱা আগবঢ়াব বহুমূত্ৰৰোগ বিশেষজ্ঞ ডাঃ নাছিমুৰ ৰিয়াজ আৰু মেডিচিন বিশেষজ্ঞ ডাঃ ৰিতুপম দাসে। ক্লিনিকটোত সাংবাদিকসকলে ওজন আৰু ৰক্তচাপো পৰীক্ষা কৰাব পাৰিব।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে এই মীডিয়া ক্লিনিকত বিনামূল্যে সেৱা গ্ৰহণ কৰিব পাৰিব। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।