NORTHEAST NOW (Assamese)
Popular Stories

পত্নীৰ মুণ্ডচ্ছেদ! চাইকেলত কটা মূৰ লৈ থানাত উপস্থিত বিতীশ হাজং

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 20, 2025 2:44 pm

চিৰাং জিলাত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। এগৰাকী ৬০ বছৰীয়া ব্যক্তিয়ে পত্নীৰ শিৰচ্ছেদ কৰি হত্যা কৰাৰ ঘতা পোহৰলৈ আহিছে। অভিযুক্ত বিতীশ হাজং নামৰ এজন লোকে ঘৰুৱা বিবাদৰ ফলত পত্নী বাজন্তীৰ মূৰ কাটি দিয়ে।

শনিবাৰৰ নিশা উত্তৰ বল্লামগুৰিত এই ঘটনা সংঘটিত হৈছে। অভিযুক্তই চোকা অস্ত্ৰ ব্যৱহাৰ কৰি পত্নীৰ মূৰ কাটি কটা মূৰটো নিজৰ চাইকেলৰ ষ্ট’ৰেজ বাস্কেটত লৈ বল্লামগুৰি আউটপোষ্টত আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰে।

স্থানীয় সূত্ৰ অনুসৰি বিতীশ হাজং কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহাৰ পিছত এই ঘটনা সংঘটিত হৈছিল। স্বামী-স্ত্ৰীৰ মাজত প্ৰতিদিনে সৰু সৰু কথাত কাজিয়া হয় বুলি জানিব পৰা গৈছে। চিৰাংৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰশ্মিৰেখা শৰ্মাই জানায় যে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

অভিযুক্তই আত্মসমৰ্পন কৰাৰ পাছত আৰক্ষীয়ে জিম্মাত লয় আৰু তদন্ত অব্যাহত ৰাখিছে। এই নৃশংস ঘটনাই স্থানীয় লোকসকলক আতংকিত কৰি তুলিছে।