NORTHEAST NOW (Assamese)
অৰুণাচল

ব্ৰে’কিং নাও : অৰুণাচলৰ দেমলিয়াত দুই গোটৰ সংঘৰ্ষত নিহত দুজন এন এচ চি এন সদস্য

Posted by: অভীক চক্ৰবৰ্তী May 31, 2018 10:26 pm
nscn clash

অৰুণাচল প্ৰদেশৰ দেমলিয়াত আজি ৩১ মে’ৰ গধূলি এন এচ চি এন (ইজাক-মুইভা) আৰু এন এচ চি এন (য়ু)ৰ মাজৰ সংঘৰ্ষত নিহত হৈছে দুজন নাগা ( NSCN ) উগ্ৰপন্থী।

জানিব পৰা মতে এন এচ চি এনৰ গোট দুটাৰ লগা সংঘাতৰ পিছত দুয়োপক্ষই স্বয়ংক্ৰিয় অস্ত্ৰৰে জধে মধে গুলী চলোৱাত এই সদস্য দুজনে প্ৰাণ হেৰুৱাব লগা হয়।

নিহত সদস্য দুজন কোন গোটৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই। সূত্ৰ অনুসৰি এন এচ চি এন (য়ু)ৰ সদস্য উক্ত এলেকাটোলৈ ধন সংগ্ৰহৰ বাবে যোৱা সময়তে এই সংঘৰ্ষৰ সূত্ৰপাত হয়।

এন এচ চি এন (আই এম)ৰ শক্তিশালী ঘাটি বুলি জনাজাত দেমলিয়াত সংঘৰ্ষটোৰ ফলত পৰিস্থিতি উত্তেজনাময় হৈ আছে। ঘটনাটোৰ পিছতে নিৰাপত্তা বাহিনীয়ে এলেকাটোত অভিযান তীব্ৰতৰ কৰি তুলিছে।