NORTHEAST NOW (Assamese)
দেশ

মানহানিৰ গোচৰত পৰাস্ত টিএমচিৰ সাংসদ : সাকেত গোখলেৰ দৰমহা কৰ্তনৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 27, 2025 10:31 am

মানহানিৰ গোচৰত তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সাকেত গোখলেৰ মাহিলী সংসদীয় দৰমহাৰ দুই তৃতীয়াংশ কৰ্তনৰ নিৰ্দেশ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। অৱশ্যে সাকেটৰ কাষত থিয় দিবলৈ বাকী ৪০ জন তৃণমূল সাংসদে তেওঁক প্ৰতিমাহে ৪ হাজাৰ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছে।

শুকুৰবাৰে লোকসভাৰ সাংসদ সুদীপ বেনাৰ্জী আৰু ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ব্ৰাইনে যৌথ বিবৃতিত এই কথা ঘোষণা কৰে।

শুকুৰবাৰে এই যৌথ বিবৃতিত কোৱা হৈছে যে, “আমি চৰকাৰক প্ৰতিশোধমূলকভাৱে সংসদৰ ভিতৰত আৰু বাহিৰত সাংসদৰ কণ্ঠ দমন কৰিবলৈ নিদিওঁ। কাৰণ আমি এটা পৰিয়াল। আমাৰ নেত্ৰী মমতা বেনাৰ্জী।”

খবৰ অনুসৰি এই সিদ্ধান্ত তৃণমূলৰ সাংসদসকলে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছে। মানহানিৰ গোচৰত পৰাস্ত হোৱাৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ে সাকেটক এই নিৰ্দেশ দিছিল।

ৰাজ্যসভাৰ সাংসদ হিচাপে সাকেটে এতিয়া ১ লাখ ৯০ হাজাৰ টকাৰ মাহিলী দৰমহা লাভ কৰে। ইফালে সংসদৰ দুয়োটা সদনত সাংসদৰ সংখ্যা ৪১ জন। সাকেটৰ বাহিৰে সকলোৱে যদি প্ৰতিমাহে ৪,০০০ টকা বৰঙণি দিয়ে, তেন্তে তেওঁ প্ৰতিমাহে মুঠ ১,৬০,০০০ টকা লাভ কৰিব।

মন কৰিবলগীয়া যে ২০২১ চনত সাকেটে প্ৰাক্তন কূটনীতিবিদ তথা কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ পত্নী লক্ষ্মী পুৰীক লৈ ধাৰাবাহিকভাৱে পোষ্ট কৰিছিল। সেই সময়ত সাকেট তৃণমূলৰ সাংসদ নাছিল। তেওঁৰ মূল অভিযোগ আছিল যে লক্ষ্মীৰ বাসগৃহ ছুইজাৰলেণ্ডৰ জেনেভাত। আনকি সেই অভিযোগত সাকেটে হৰদীপ সিং পুৰীৰ নামো জড়িত কৰিছিল। সেই সময়ত হৰদীপে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ দায়িত্বত আছিল। সাকেটে অভিযোগ কৰে যে আয়ৰ পৰিমাণ আৰু সম্পত্তিৰ পৰিমাণৰ মাজত অমিল আছে।

ইফালে লক্ষ্মীয়ে সাকেটৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰে। তেওঁ কয় যে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিষয়ে সাকেটে কৰা পোষ্টবোৰ ভিত্তিহীন। সেই গোচৰত যোৱা জুলাই মাহত দিল্লী উচ্চ ন্যায়ালয়ে সাকেটক ৫০ লাখ টকা ক্ষতিপূৰণ দি ক্ষমা খুজিবলৈ নিৰ্দেশ দিছিল। অৱশ্যে শেহতীয়াকৈ আদালতৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে যে সাকেটে সেই ক্ষতিপূৰণ নিদিলে আৰু ক্ষমাও নুখুজিলে। সেই অভিযোগৰ ভিত্তিত আদালতে সাংসদগৰাকীৰ মাহিলী দৰমহাৰ দুই তৃতীয়াংশ কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়ে। সেই টকা লক্ষ্মীক দিয়া হ’ব। ধনৰাশি ৫০ লাখ টকা হোৱালৈকে এই প্ৰক্ৰিয়া অব্যাহত থাকিব।