NORTHEAST NOW (Assamese)
Popular Stories

গ্ৰীষ্মকালৰ বাবে স্বাস্থ্যসন্মত ব্ৰেকফাষ্টৰ ৰেচিপি, এই খাদ্যই আপোনাৰ ওজন কমোৱাত কৰিব সহায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 28, 2025 7:00 am

এই প্ৰচণ্ড গৰমত খাদ্য আৰু পানীয়ৰ সমস্যা সদায় থাকেই। বহুতৰে গধুৰ খাদ্য খাবলৈ মন নাযায়। তদুপৰি এই গৰমত পেটত থকা চৰ্বিজাতীয় খাদ্য আৰু চেনি হজম কৰাটো কঠিন। কিন্তু ব্ৰেকফাষ্ট যদি এৰিব বিচাৰে এৰিব পাৰি, কোনো সমস্যা নাই! তাৰ পাছত, লিকুইড ডায়েটলৈ সলনি হব লাগিব। তলত কিছুমান সুস্বাদু আৰু পুষ্টিকৰ ব্ৰেকফাষ্টৰ ৰেচিপি আগবঢ়োৱা হল।

স্মুদি

স্মুদি হৈছে বিভিন্ন পুষ্টিকৰ খাদ্যৰ সংমিশ্ৰণ। ব্লেণ্ডাৰত যিকোনো বতৰৰ ফল, গাখীৰ বা দৈ, আৰু কিছু ওটছ মিহলাই স্মুদি বনাব পাৰি। ইয়াক বনাবলৈ অতি কম সময় লাগে আৰু খাবলৈও অতি ভাল।

বেলৰ চৰবত

পকা বেলখিনি পানীৰে ভালদৰে ধুই লওক। চামুচ বা চুৰি ব্যৱহাৰ কৰি বেলৰ কঠিন খোলাটোৰ পৰা কোমল অংশ পৃথক কৰি লওক। তাত পৰ্যাপ্ত পৰিমাণৰ পানী দি অলপ সময় থৈ দিব। তাৰ পিছত পানীৰ লগত ভালদৰে মিহলাই লৰাই থাকিব যেতিয়ালৈকে পানীৰ লগত মিহলি নহয়। বেলৰ পৰা গুটিবোৰ পৃথকে পৃথকে উলিয়াই লওক। বেলৰ ৰসখিনি চেকি লৈ পৃথক কৰি লওক। চেনিৰ সলনি গুড় ব্যৱহাৰ কৰক। এই ৰসত অলপ দৈ দিলে প্ৰটিনৰ মাত্ৰাও যথেষ্ট বৃদ্ধি পাব।

বুটৰ গুৰিৰ চৰবত

বুটৰ গুৰিৰ চৰবত সাধাৰণতে নিমখ, নেমু, আৰু অলপ জিৰা গুড়িৰ সৈতে খাব লাগে। কিন্তু তাত অকণমান দৈ আৰু গুৰ মিহলাই দিলে এই ৰসৰ পুষ্টিগুণ বহু পৰিমাণে বৃদ্ধি পায়। কাৰণ গুড়ত প্ৰচুৰ পৰিমাণে মাইক্ৰনিউট্ৰিয়েণ্ট, আইৰণ, মেংগানিজ, মেগনেছিয়াম থাকে। টেঙা দৈত প্ৰটিন আৰু প্ৰ’-এন্টিবায়টিকো থাকে। তাৰ পিছত খালী পেটত এটা ডাঙৰ গিলাচ বুটৰ গুৰিৰ চৰবত খালে পেটটো প্ৰায় ২ ঘণ্টা ধৰি পেট ভৰি থাকিব।