NORTHEAST NOW (Assamese)
Popular Stories

সৰ্প দংশন, যম দৰ্শন! ৮৫৬ বাৰ বিষাক্ত সাপৰ কামোৰ খাইও জীৱিত ব্যক্তি; চিকিৎসা জগতত আলোড়ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2025 1:28 pm

ট্ৰিম ফ্ৰীডী নামৰ এজন ব্যক্তিয়ে ১৮ বছৰ ধৰি নিজৰ শৰীৰত সাপৰ বিষৰ পৰীক্ষা-নিৰীক্ষা কৰি আহিছে। এই ১৮ বছৰত তেওঁ ৮৫৬ বাৰ সাপৰ বিষ দেহত নিছে। তেওঁৰ এই মাৰাত্মক চখটোৱে তেওঁৰ শৰীৰত সাপৰ প্ৰতিষেধকৰ সৃষ্টি কৰিছে। নিজৰ দেহৰ তেজতে প্ৰস্তুত হৈছে এই প্ৰতিষেধক।

ট্ৰিমৰ সৰুৰে পৰা সাপ পোহাৰ চখ আছিল। তেতিয়াৰ পৰাই সাপৰ বিষ উলিয়াই নিজৰ শৰীৰত সুমুৱাই দিছিল। অৱশ্যে কোব্ৰাৰ কামোৰ পোনে পোনে নিজৰ শৰীৰত লোৱাৰ লগে লগে তেওঁ প্ৰায় মৃত্যু মুখত পৰিছিল। সেই যাত্ৰাত তেওঁক বচায় চিকিৎসকে।

তেওঁ নেচনেল জিঅ’গ্ৰাফিক কাৰ্যসূচীত কয় যে কোব্ৰাৰ বিষে তেওঁক প্ৰায় মাৰি পেলাইছিল। এইটো সহজ কাম নাছিল। মোৰ শৰীৰত এটা কামোৰৰ বাবে প্ৰতিষেধক আছিল। কিন্তু দ্বিতীয়টো নাছিল। আক্ৰমণৰ পিছত বহু সময় অচেতন হৈ আছিল।

ট্ৰিমে ভাবে যে কোব্ৰাই কামোৰাৰ আগতে তেওঁ আন সাপৰ বিষ কেইবাবাৰো গ্ৰহণ কৰিছিল। ফলত তেওঁৰ শৰীৰত এন্টিভেনম উৎপন্ন হৈছিল। তাৰ পৰাই তেওঁ কোব্ৰা সাপৰ বিষৰ সৈতে মোকাবিলা কৰিছিল।

চিকিৎসকৰ মতে ট্ৰিমে ১৮ বছৰত সকলো ধৰণৰ সাপৰ বিষ গ্ৰহণ কৰিছে। সেই তালিকাত ইজিপ্তিয়ান কোব্ৰা, ৱাটাৰ কব্ৰা, কোষ্টেল টাইপান আৰু ব্লেক মাম্বা আদি অন্তৰ্ভুক্ত আছিল। ফলত তেওঁৰ তেজত এক প্ৰকাৰৰ এন্টিভেনমৰ সৃষ্টি হৈছে যিয়ে তেওঁক বিষাক্ত পুৰুষ কৰি তুলিছে।

ট্ৰিমে সাপে কামোৰাৰ ভিডিঅ’ ইউটিউবত আপলোড কৰে। সাপৰ বিষে তেজৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰাৰ আগতেই ট্ৰিমৰ শৰীৰে এন্টিভেনম উৎপাদন কৰিবলৈ আৰম্ভ কৰে। চিকিৎসকসকলে ভাৱে তেওঁৰ শৰীৰত থকা তেজৰ পৰা সাপৰ বিষৰ ঔষধ তৈয়াৰ কৰিব পৰা যায়। সেয়ে, তেওঁলোকে ট্ৰিমৰ তেজ পৰীক্ষা কৰিছে। এই তেজৰ পৰাই বিশ্বৰ আটাইতকৈ দ্ৰুততম এন্টিভেনম উৎপন্ন হ’ব পাৰে। সেইটোৱেই হৈছে চিকিৎসকসকলৰ লক্ষ্য। তেওঁলোকে সেই কামেই কৰি আছে।