NORTHEAST NOW (Assamese)
অসম

‘ৰাষ্ট্ৰ বিৰোধী’ বক্তব্য প্ৰচাৰ, একাধিক ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰাৰ দাবী সংসদীয় কমিটিৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী May 6, 2025 7:31 am

একাংশ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু ইনফ্লুৱেন্সাৰে দেশৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আছে। সংসদৰ তথ্য আৰু প্ৰযুক্তি সম্পৰ্কীয় স্থায়ী সমিতিয়ে এনে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে। কেৱল সেয়াই নহয়, সোমবাৰে সংসদীয় কমিটিয়ে কেন্দ্ৰলৈ এই সম্পৰ্কীয় তথ্যও প্ৰেৰণ কৰে।

যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা দেশত সক্ৰিয় হৈ পৰিছে এটা বিশেষ গোষ্ঠী। তেওঁলোকে আক্ষৰিক অৰ্থত হিংসাৰ উচটনি দিছে। ইতিমধ্যে বিভিন্ন পক্ষৰ পৰা এনে দাবী উত্থাপন হৈছিল। এইবাৰ সংসদীয় সমিতিৰ কণ্ঠতো একে সুৰ শুনা গ’ল।

কমিটীয়ে কয় যে দেশৰ একাংশ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ আৰু প্লেটফৰ্মে দেশৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰি আছে, যিয়ে হিংসা বিয়পাব পাৰে। এই অভিযোগ উত্থাপন কৰি কমিটীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত উল্লেখ কৰা হৈছে যে তথ্য প্ৰযুক্তি আইন ২০০০ আৰু তথ্য প্ৰযুক্তি (ইন্টাৰমিডিয়াৰি গাইডলাইন এণ্ড ডিজিটেল মিডিয়া) নিয়ম, ২০২১ অনুসৰি এই প্লেটফৰ্মসমূহৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা পদক্ষেপসমূহ বিতংভাৱে ব্যাখ্যা কৰিব লাগিব। মন্ত্ৰালয় দুটাৰ সচিবসকলক ৮ মে’ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

প্ৰসংগক্ৰমে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এক ডজনৰো অধিক পাকিস্তানী চেনেল নিষিদ্ধ কৰা হৈছে। অভিযোগ অনুসৰি সেই চেনেলবোৰৰ পৰাই উচটনিমূলক আৰু বিভ্ৰান্তিকৰ বিষয়বস্তু পোষ্ট কৰা হৈছিল।

ইয়াৰ উপৰিও তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়েও ভাৰতীয় সাংবাদিক আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক এক গাইডলাইনত সতৰ্ক হ’বলৈ আহ্বান জনাইছে। বিশেষকৈ প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ সৈতে জড়িত বাতৰি প্ৰকাশ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে।