NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

পাকিস্তানৰ জৰুৰীকালিন অৱস্থা! ৭২ ঘন্টাৰ বাবে বন্ধ শিক্ষানুষ্ঠান, ৪৮ ঘন্টাৰ বাবে বন্ধ বিমান চলাচল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 7, 2025 7:59 am

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫ দিন পিছত প্ৰতিশোধ ল’লে ভাৰতীয় সেনাই। বুধবাৰে পুৱা ১.৪৪ বজাত পাকিস্তান অধীকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত ভাৰতীয় সেনাই ২৪ টা মিছাইলেৰে আক্ৰমণ চলায়।

এই আক্ৰমণৰ দ্বাৰা ভাৰতীয় সেনাই লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয় আৰু কুখ্যাত সন্ত্ৰাসবাদী নেতা মাছুদ আজহাৰৰ মাদ্ৰাছা ভাঙি পেলায়।

সূত্ৰ অনুসৰি কমেও ৯ ঘাটিত কৰা এই আক্ৰমণত ২৬ জন পাকিস্তানী নিহত হোৱাৰ লগতে ৬০ৰো অধিক লোক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, এতিয়ালৈ পাকিস্তানী সেনাৰ কোনো শিবিৰত আক্ৰমণ কৰা নাই ভাৰতীয় সেনাই।

ইফালে এই মুহূৰ্তত জম্মু-কাশ্মীৰৰ অধিকাংশ বিদ্যালয়-মহাবিদ্যালয় বন্ধ হৈ পৰিছে। সমগ্ৰ প্ৰদেশখনতে নিৰাপত্তা আৰু অধিক বৃদ্ধি কৰা হৈছে। ইফালে পাকিস্তানী সেনাই এতিয়াও সীমান্তত অবিৰতভাৱে গুলীচালনা কৰি আছে। ভাৰতেও উপযুক্ত উত্তৰ দিছে।

যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানে ৭২ ঘন্টাৰ বাবে বন্ধ শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে। লগতে ৪৮ ঘন্টাৰ বাবে পাকিস্তানৰ সকলো বিমান চলাচল বন্ধ কৰি দিয়া হৈছে।