NORTHEAST NOW (Assamese)
Popular Stories

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 10, 2025 7:49 pm

পাকিস্তানে সকলোধৰণৰ বিমানৰ বাবে মুকলি কৰিলে আকাশমাৰ্গ। যুদ্ধ বিৰতিত সন্মতিৰ পাছতেই তৎপৰ হৈছে পাকিস্তান। আমেৰিকাৰ মধ্যস্থতাত দুই দেশত সামৰিক সংঘাত অৱসান হৈছে।

ভাৰত-পাকিস্তান যুদ্ধ বিৰতিৰ বাবে সাজু বুলি ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। সামাজিক মাধ্যমযোগে এই ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।

আমেৰিকাৰ মধ্যস্থতাত দুয়োখন দেশ যুদ্ধ বিৰতিৰ বাবে সন্মত হোৱা বুলি অৱগত কৰিছে ট্ৰাম্পে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুব্ৰহ্মণ্যম জয়শংকৰেও এই কথা প্ৰকাশ কৰিছে।

পাকিস্তানৰ বিদেশ মন্ত্ৰী ইছাকদাৰেও ভাৰত-পাকিস্তান যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে বুলি দাবী কৰিছে। আমেৰিকাৰ যুদ্ধ বিৰতিৰ প্ৰস্তাৱক পাকিস্তানৰ সঁহাৰি। যুদ্ধ বিৰতিক লৈ আমেৰিকাৰ বিদেশ সচিবৰ মাৰ্কো ৰুবিঅয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নিৰপেক্ষ স্থানত আলোচনাৰ বাবে সন্মত হৈছে ভাৰত-পাকিস্তান। মাৰ্কিন উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ তৎপৰতাত সন্মত হৈছে দুয়োখন দেশ।