NORTHEAST NOW (Assamese)
Popular Stories

আদৰ্শ ডিগ্ৰী মহাবিদ্যালয় আৰু প্ৰাদেশিকীকৃত মহাবিদ্যালয়ৰ নিযুক্তিৰ নিয়মাৱলীৰ বিৰুদ্ধে সৰৱ সদৌ অসম গৱেষক ছাত্ৰ সমাজ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 22, 2025 12:39 pm

ৰাজ্য চৰকাৰে শেহতীয়াকৈ মডেল ডিগ্ৰী কলেজৰ অধ্যাপক নিযুক্তিৰ বাবে দিয়া নিৰ্দেশনাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম গৱেষক ছাত্ৰ সমাজে। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল পাতি গৱেষক ছাত্ৰ সমাজে সমগ্ৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈ চৰকাৰক আহ্বান জনায়।

চৰকাৰৰ এই নিযুক্তি প্ৰক্ৰিয়াই UGCৰ সকলো নীতি-নিৰ্দেশনা উলংঘা কৰাৰ গুৰুতৰ অভিযোগ সদৌ অসম গৱেষক ছাত্ৰ সমাজৰ। পূৰ্বতে ৬ মাহৰ প্ৰেকটিছৰ পৰিৱৰ্তে নতুন নিযুক্তি প্ৰক্ৰিয়াত সেই সময় ৩ বছৰলৈ বৃদ্ধি কৰাত সমস্যাত পৰিছে গৱেষণা কৰি অধ্যাপক হব খোজা গৱেষকসকল।

নিযুক্তি বৰ্ডত চৰকাৰে স্থানীয় বিধায়কক কৰ্তৃত্ব দিয়াক লৈও সৰব সদৌ অসম গৱেষক ছাত্ৰ সমাজ।

কিয়নো নতুন নিৰ্দেশনা অনুসৰি কাক নিযুক্তি দিব তাৰ সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব থাকিব বিধায়কগৰাকীৰ হাতত। সদৌ অসম গৱেষক ছাত্ৰ সমাজৰ দাবী- বিধায়কৰ পৰিৱৰ্তে সমিতিত শিক্ষাবিদক অন্তৰ্ভুক্ত কৰক।

নিযুক্তি প্ৰক্ৰিয়াত দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ বিপৰীতে এগৰাকী নতুন গৱেষক ছাত্ৰক নিযুক্তিয়ে ৰাজ্যত নিবনুৱা সমস্যাৰহে উদ্ভৱ কৰিব।

লগতে, দৰমহাৰ গাঁঠনি, চাকৰিৰ নিৰাপত্তাৰ ক্ষেত্ৰত থকা আসোঁৱাহসমূহো আঁতৰোৱাৰ দাবী গৱেষক ছাত্ৰ সমাজৰ।