NORTHEAST NOW (Assamese)
অসম

বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰিব নোৱাৰিব হাৰ্ভাৰ্ডে; ট্ৰাম্প প্ৰশাসনৰ নতুন পদক্ষেপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 23, 2025 8:35 am

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিদেশী ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ অনুমতি বাতিল কৰাৰ লগতে বৰ্তমানৰ বিদেশী ছাত্ৰ-ছাত্ৰীক অন্য শিক্ষানুষ্ঠানলৈ স্থানান্তৰ কৰাও বন্ধ কৰাৰ নিৰ্দেশ দিছে।

ইয়াৰ বাহিৰেও আন মহাবিদ্যালয়সমূহৰ বিৰুদ্ধেও একেধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিয়া হৈছে।

হোমলেণ্ড ছিকিউৰিটি ডিপাৰ্টমেন্টে এক বিবৃতিত কয় যে সচিব ক্ৰীষ্টি ন’মে ২০২৫-২০২৬ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হোৱা হাৰ্ভাৰ্ডৰ ষ্টুডেণ্ট এণ্ড এক্সচেঞ্জ ভিজিটৰ প্ৰগ্ৰেম (এছইভিপি)ৰ প্ৰমাণপত্ৰ বাতিল কৰাৰ নিৰ্দেশ দিছে।

নোৱেমে হাৰ্ভাৰ্ডক সন্ত্ৰাসবাদ, ইহুদী বিদ্বেষ আৰু চীনৰ কমিউনিষ্ট পাৰ্টিৰ সৈতে সমন্বয়ৰ অভিযোগ উত্থাপন কৰিছে। হাৰ্ভাৰ্ডে এই সিদ্ধান্তক “অবৈধ আৰু প্ৰতিশোধমূলক” বুলি অভিহিত কৰি হাজাৰ হাজাৰ ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

এই সিদ্ধান্তই হাৰ্ভাৰ্ডৰ বিৰুদ্ধে চলি থকা ট্ৰাম্প প্ৰশাসনৰ অভিযানত এক নতুন মাত্ৰা যোগ কৰিছে। মেছাচুচেটছৰ কেম্ব্ৰিজত অৱস্থিত এই আইভী লীগ বিশ্ববিদ্যালয়খন ট্ৰাম্পৰ অন্যতম মূল লক্ষ্য হৈ পৰিছে। হাৰ্ভাৰ্ডে একাংশ বিদেশী ভিছাধাৰী ছাত্ৰ-ছাত্ৰীৰ তথ্য দিবলৈ অস্বীকাৰ কৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই সিদ্ধান্তই হাৰ্ভাৰ্ডত অধ্যয়ন কৰা হাজাৰ হাজাৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীক প্ৰভাৱিত কৰিব পাৰে। বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি যোৱা শিক্ষাবৰ্ষত তাত ৬৭০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল, যিটো মুঠ ছাত্ৰ সংখ্যাৰ ২৭ শতাংশ।

বৃহস্পতিবাৰে সমগ্ৰ কেম্পাছত এই খবৰ দ্ৰুতগতিত বিয়পি পৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভয় আৰু হতাশাৰ সৃষ্টি হয়, যাৰ ভৱিষ্যত হঠাতে অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে।