NORTHEAST NOW (Assamese)
দেশ

কেন্দ্ৰই বৃদ্ধি কৰিছে আইটি ৰিটাৰ্ণ দাখিলৰ সময়সীমা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 28, 2025 8:42 am

কেন্দ্ৰই ২০২৫-২৬ চনৰ মূল্যায়ন বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ (আই টি ৰিটাৰ্ণ) দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। মঙলবাৰে জাৰি কৰা নতুন অধিসূচনাত কোৱা হৈছে যে চলিত বৰ্ষৰ ৩১ জুলাইৰ পৰিৱৰ্তে ১৫ ছেপ্তেম্বৰ ভিতৰত কৰদাতাই এই নথি দাখিল কৰিব লাগিব।

আই টি ৰিটাৰ্ণ ব্যৱস্থাৰ কিছু পৰিৱৰ্তনৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে জনোৱা মতে, আয়কৰ ৰিটাৰ্ণ (আই টি আৰ) ব্যৱস্থাত কৰা কেইবাটাও পৰিৱৰ্তন আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ব্যৱস্থাটো প্ৰস্তুত কৰিবলৈ আৰু আই টি আৰ ইউটিলিটিৰ ৰোলআউটৰ বাবে প্ৰয়োজনীয় সময়ৰ প্ৰতি লক্ষ্য ৰাখি ৰিটাৰ্ণ দাখিলৰ শেষ তাৰিখ বৃদ্ধি কৰা হৈছে।

কিন্তু যিসকল ব্যক্তি আৰু সংস্থাৰ একাউণ্টৰ অডিট কৰাৰ প্ৰয়োজন নাই, তেওঁলোকে ৩১ জুলাইৰ ভিতৰত আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) দাখিল কৰিব লাগিব।বিলম্বিত আৰু সংশোধিত আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা বৃদ্ধিৰ বিষয়ে তথ্য দি চিবিডিটিয়ে কয় যে আয়কৰ আইন, ১৯৬১ৰ ১১৯ নং ধাৰা অনুসৰি কৰদাতাসকলক এই অতিৰিক্ত সময় প্ৰদান হৈছে।