NORTHEAST NOW (Assamese)
অসম

সোণাইপাৰ গৌৰিনাথ মন্দিৰত চুৰিকাণ্ড : দানপাত্ৰ ভাঙি দহ সহস্ৰাধিক টকা চুৰি

Posted by: মিন্টূ দাস June 3, 2018 8:28 am
58278__front

নগাঁও জিলাৰ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত হাতীচোং মৌজাৰ চকলাঘাটৰ সমীপৰ সোণাই নৈৰ পাৰত অৱস্থিত ঐতিহাসিক সোণাই পাৰ গৌৰিনাথ মন্দিৰত শুকুৰবাৰে নিশা চুৰি কাৰ্য সংঘটিত হয়।

প্ৰাপ্ত খৱৰমতে, কোনো দুৰ্বৃত্তই নৱনিৰ্মিত মূল মন্দিৰৰ দুৱাৰ ভাঙি ভিতৰত থকা দান পাত্ৰ দুটা মন্দিৰৰ বাহিৰলৈ আঁতৰাই নিয়ে আৰু তলাবদ্ধ দুয়োটা দান পাত্ৰৰ তলা ভাঙি অনুমানিক দহ সহস্ৰাধিক নগদ ধন লুট কৰি নিৰ্বিঘ্নে আঁতৰি যায়।

আজি পুৱা মন্দিৰৰ দুৱাৰ খোলা থকা অৱস্থাত স্থানীয় লোকে দেখা পোৱাৰ পাছতহে মন্দিৰত চুৰি কাৰ্য হোৱাৰ কথা পোহৰলৈ আহে। ইতিমধ্যে, মন্দিৰ পৰিচালনা সমিতিয়ে ঘটনা সন্দৰ্ভত স্থানীয় জাজৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ‘ স্নিফাৰ ‘ কুকুৰ আনি তদন্ত চলায় যদিও চোৰৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে, আজি কিছুদিনৰ আগতে এই মন্দিৰতেই আচাৰ্য্য ভৃগুগিৰিৰ অধ্যক্ষতাত বিৰাট আয়োজনেৰে মহাৰুদ্ৰ যজ্ঞ অনুষ্ঠিত হৈছিল।