NORTHEAST NOW (Assamese)
Popular Stories

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ‘ভুল’! স্বামীক হত্যাৰ অপৰাধত অভিযুক্তই আদালততে দিলে কেমিষ্ট্ৰীৰ পাঠ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 29, 2025 4:14 pm

তেওঁৰ বিৰুদ্ধে স্বামীক বিদ্যুৎস্পৃষ্ট কৰি হত্যা কৰাৰ অভিযোগ। আদালতৰ কাঠগড়াত থিয় হৈ আছে অভিযুক্ত। সেই সময়ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে সুধিলে- আপোনাৰ বিৰুদ্ধে স্বামীক বিদ্যুৎস্পৃষ্ট কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত যি কোৱা হৈছে, সেই বিষয়ে আপুনি কি ক’ব?’

সেই মুহূৰ্তত ৬০ বছৰীয়া অধ্যাপিকা মমতা পাঠকে ৰসায়ন বিজ্ঞানৰ শিক্ষয়িত্ৰী হিচাপে নিজৰ আত্মবিশ্বাস আৰু দীৰ্ঘদিনীয়া অভিজ্ঞতা ব্যৱহাৰ কৰি ক’লে, ‘ছাৰ, মৰণোত্তৰ পৰীক্ষাত জুইত জ্বলা ঘা আৰু বিদ্যুৎস্পৃষ্ট হোৱা ঘাৰ মাজত পাৰ্থক্য কৰাটো সম্ভৱ নহয়।’

ন্যায়াধীশ বিবেক আগৰৱালা আৰু ন্যায়াধীশ দেৱনাৰায়ণ মিশ্ৰৰ বিভাগীয় বিচাৰপীঠৰ সন্মুখত আদালতৰ কক্ষটো এক সংক্ষিপ্ত ৰসায়ন বিজ্ঞানৰ ক্লাছলৈ পৰিণত হৈ পৰিল।

বিশ্ববিদ্যালয় এখনৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা অভিযুক্ত মমতা পাঠকে এটা জটিল বিষয় ব্যাখ্যা কৰি কয় যে কেনেদৰে বিদ্যুৎ প্ৰবাহে শৰীৰৰ কোষৰ সৈতে  বিক্ৰিয়া কৰে, কি কি কণিকাৰ জমা হোৱাৰ লক্ষণ দেখা যায়। কেৱল বিক্ৰিয়া ভিত্তিক পৰীক্ষাৰ দ্বাৰা মৃত্যুৰ কাৰণ কেনেকৈ বুজিব পাৰি? কেৱল ঘাটো চাই নহয়, পৰীক্ষাগাৰত সেই প্ৰতিক্ৰিয়াবোৰৰ বিশ্লেষণেই সঠিক সিদ্ধান্তত উপনীত হোৱাত সহায় হয়।

মমতা পাঠকৰ বিৰুদ্ধে হত্যাকাণ্ডৰ গোচৰৰ শুনানিৰ সময়ত আইনী সমাজত চাঞ্চল্যৰ সৃষ্টি কৰা এই ব্যতিক্ৰমী মুহূৰ্তটো সংঘটিত হয়। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ ব্যাপক চৰ্চাৰ সৃষ্টি কৰে। বহুতে কৈছে যে এইটো ‘শেহতীয়া ইতিহাসৰ আটাইতকৈ অদ্ভুত আইনী আত্মসমৰ্থন’।

২০২১ চনৰ ২৯ এপ্ৰিলত মমতা পাঠকে স্বামী নীৰজ পাঠক (অৱসৰপ্ৰাপ্ত চৰকাৰী চিকিৎসক)ক টোপনিৰ বড়ি দি অচেতন কৰাৰ পিছত ইলেকট্ৰিক শ্বক দি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছত তেওঁ পুত্ৰৰ সৈতে ঝান্সীলৈ গুচি যায়।

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে মমতাই ১ মে’ত ঝান্সীৰ পৰা উভতি অহাৰ পিছত স্বামীৰ মৃতদেহ দেখা বুলি দাবী কৰিছিল। কিন্তু তাৰ পিছতে নীৰজ পাঠকৰ কণ্ঠস্বৰ ৰেকৰ্ডিং পোহৰলৈ আহে, য’ত তেওঁ কয় যে তেওঁৰ পত্নীয়ে তেওঁক অত্যাচাৰ কৰিছিল। অধিক বিস্ফোৰক আছিল তেওঁলোকৰ ড্ৰাইভাৰৰ সাক্ষ্য, যিয়ে কৈছিল যে মমতাই নিজেই তেওঁক কৈছিল যে ‘এটা ডাঙৰ ভুল হৈ গৈছে’।

এই সকলোবোৰে গোচৰটোক নতুন দিশলৈ লৈ যায়। পিছলৈ তেওঁলোকৰ বৈবাহিক জীৱনৰ বিভিন্ন বিবাদ পোহৰলৈ আহিছিল। জনা যায় যে এটা সময়ত মমতা পাঠকে স্বামীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁৰ খাদ্যত নিচাযুক্ত দ্ৰব্য মিহলোৱা বুলি কৈছিল। যদিও পিছত তেওঁ সেই অভিযোগ প্ৰত্যাহাৰ কৰে।

সত্ৰ আদালতে তেওঁক পৰিকল্পিত হত্যাৰ অপৰাধত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ইয়াৰ পিছতে তেওঁ উচ্চ ন্যায়ালয়ত আবেদন জনায় আৰু যোৱা বছৰ জামিন লাভ কৰে।

২৯ এপ্ৰিলত এই গোচৰৰ অন্তিম শুনানিৰ পিছত উচ্চ ন্যায়ালয়ে ৰায়দান স্থগিত ৰাখিছিল। এতিয়াও জামিনত মুকলি হৈ আছে মমতা পাঠক।