NORTHEAST NOW (Assamese)
অসম

ঘৰলৈ ঘূৰি আহিল অপাৰেশ্যন সিন্দুৰৰ সময়ত আহত অসমৰ জোৱান : উষ্ম আদৰণি গাঁওবাসীৰ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 9, 2025 7:41 pm

ঘৰলৈ ঘূৰি আহিছে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান শুদ্ধি ৰাভা। শুদ্ধি ৰাভাৰ ঘৰ কোকৰাঝাৰ জিলাৰ দামোদৰপুৰত।

অপাৰেশ্যন সিন্দুৰৰ সময়ত শত্ৰু পক্ষৰ বিৰুদ্ধে বীৰদৰ্পে যুঁজ দি আহত হৈছিল সেনা জোৱানগৰাকী। শৰীৰৰ আঠটা স্থানত গুৰুতৰভাবে আঘাত পাইছিল শুদ্ধি ৰাভাই।

আজি তেওঁ চিকিৎসাৰ অন্তত কোকৰাঝাৰ ৰেলৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে বি এছ এফৰ সেনা-বিষয়া, কোকৰাঝাৰ জিলা প্ৰশাসন আৰু দামোদৰপুৰৰ শ শ লোকে তেওঁক উষ্ম আদৰণি জনায়।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ অপাৰেশ্যন সিন্দুৰৰ সময়ত আঘাত পোৱা সেই ভয়ানক অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰে। লগতে তেওঁক আদৰণি জনোৱা প্ৰশাসনৰ লোক আৰু গাওঁবাসীক ধন্যবাদ জ্ঞাপন কৰে।