NORTHEAST NOW (Assamese)
অসম

নিপা ভাইৰাছৰ সন্দেহজনক সংক্ৰমণত মৃত্যু হ’ল শিৱসাগৰৰ যুৱক মনোজ শইকীয়াৰ

Posted by: ৰাজীৱ দত্ত June 3, 2018 7:41 pm
nipah virus in assam

সন্ত্ৰাস সৃষ্টি কৰা নিপা ভাইৰাছ ( Nipah virus )ৰ সংক্ৰমণত শিৱসাগৰৰ গৌৰীসাগৰৰ মনোজ শইকীয়া (৩৭ বছৰীয়া) নামৰ এজন লোকে ২ জুনত কেৰালাত প্ৰাণ হেৰুৱাব লগা হৈছে।

জানিব পৰা মতে কেৰালাৰ কন্নৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে শইকীয়াৰ মৃত্যু হয়। কেৰালাত ষ্টাৰব’ৰ্ড নামৰ কোম্পানি এটাত কৰ্মৰত শইকীয়া যোৱা ২৯ মে’ৰ পৰা জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ মৃত্যু হোৱা বাবে তেওঁ নিপা ভাইৰাছৰ সংক্ৰমণত ভুগিছিল বুলি সন্দেহ কৰা হৈছে।

কোম্পানিটোত কৰ্মৰত অসমৰ আন কেইজনমান যুৱকে মনোজক চিকিৎসালয়ত ভৰ্ত্তি কৰিছিল যদিও ২ জুনৰ পুৱা চাৰে আঠ বজাত মনোজৰ পত্নী ৰিণু গগৈ শইকীয়াক ফ’নযোগে মৃত্যুৰ খবৰটো দিয়ে।

ৰিণু গগৈ শইকীয়াই জানিবলৈ দিয়া মতে পোন্ধৰ দিন পূৰ্বে কোম্পানিটোত কাম কৰিবৰ বাবে লখিমপুৰৰ পৰা যুৱকজন ট্ৰেইনযোগে ৰাওনা হৈছিল।

ধেমাজি জিলাৰ গোগামুখৰ দেউৰী বৰবাম  দিহিঙীয়া গাঁৱৰ বৰদেউতাকৰ ঘৰত পিতৃ-মাতৃৰ বিয়োগৰ পিছৰে পৰা  যোৱা কিছু বছৰ ধৰি  আছিল পেছাত গাড়ীচালক মনোজ। শিৱসাগৰৰ গৌৰীসাগৰ ভগামুখ মাজনৰা পেকমনিয়া গাঁৱৰ  মনোজ প্ৰয়াত ইন্দ্ৰেশ্বৰ শইকীয়া আৰু যোগদা শইকীয়াৰ একমাত্ৰ পুত্ৰ আছিল।

সুদক্ষ ফুটবল আৰু ভলীবল খেলুৱৈ তথা ভিতৰুৱাল উদয়ন যুৱক সংঘৰ সদস্য মনোজ শইকীয়াৰ মৃত্যুত  অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।