NORTHEAST NOW (Assamese)
Popular Stories

আহমেদাবাদত দুৰ্ঘটনা পতিত বিমানখনত আছিল উত্তৰ-পূবৰ ২ গৰাকী যুৱতী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 12, 2025 5:41 pm

আহমেদাবাদৰ শিহৰণকাৰী দুৰ্ঘটনাত পতিত বিমানখনত আছিল উত্তৰ-পূবৰ আৰু দুগৰাকী যুৱতী।

দুৰ্ঘটনা পতিত বিমানখনত আছিল মণিপুৰৰ থৌবালৰ কংব্ৰাইলতপাম ঙান্থোই শৰ্মা নামৰ যুৱতীগৰাকী। কেবিন ক্ৰিউ হিচাপে কৰ্মৰত আছিল যুৱতীগৰাকী।

বিমান দুৰ্ঘটনাত মিজোৰামৰ এগৰাকী যুৱতীও আছিল। মিজোৰামৰ যুৱতীগৰাকীৰ নাম লামনুনথিয়েম ছিংছন।

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত এতিয়ালৈ ১৭০গৰাকী লোকৰ মৃত্যু নিশ্চিত হৈছে। এই বিমানখন ক্ৰু মেম্বাৰকে ধৰি মুঠ ২৪২গৰাকী লোক আছিল। আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মাৰিছিল বিমানখন।

AI 171 নম্বৰৰ বিমানখন দুপৰীয়া ১.১০ বজাত আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰে কিন্তু উৰা মৰাৰ কিছু সময় পাছতে দুৰ্ঘটনাগ্ৰস্ত হৈ ভাঙি পৰে বিমানখন।